অসমীয়া উকীল ৰগৰ Lawyer Jokes । Jokes On Lawyers Assamese Jokes And Assamese Comedy Doctor Jokes

কেইটামান বঁচা বঁচা অসমীয়া Lawyer Jokes আগবঢ়োৱা হৈছে । আশাঁ কৰোঁ সকলোৱে পঢ়ি ভাল পাব । আগতে Funny Assamese Comedy Assamese Jokes কেইটা ভালদৰে চাই লওঁক । তাৰ পিছত Share কৰিবলৈ নাপাহৰিব আকৌ । Jokes On Lawyers, Assamese Funny Jokes, অসমীয়া ৰগৰ, Doctor Jokes. এই লিখনীটোত পঢ়িবলৈ পাব - উকীল আৰু ডাক্তৰৰ ওপৰত Assamese Jokes, পেজেঙৰ কেচ্ Lawyer Jokes, নগেনৰ পুতেক সকলক লৈ সমস্যা Assamese Lawyer Jokes, পেজেঙ আৰু নগেনৰ কেচৰ চৰম ফলাফল Assamese Comedy Lawyer Jokes, উকীলৰ পাল্লাত ডাক্তৰ চাহাবৰ বিলৈ Lawyer Jokes, সুখ বিচাৰি Judge চাহাবৰ বিচাৰ Assamese Lawyer Jokes, আদালতত ৮০ বছৰীয়া বৃদ্ধাৰ উত্তৰ Assamese Comedy Lawyer Jokes আদিকে ধৰি কেইটামান ভাল ভাল অসমীয়া ৰগৰ কৌতুক ।

Lawyer Jokes, Assamese Jokes

Lawyer Jokes


পেজেঙৰ কেচ্ 

Trailer :-  সুদীৰ্ঘ ১০ বছৰ মোকৰ্দমা চলাৰ অন্তঃত.....


সুদীৰ্ঘ ১০ বছৰ মোকৰ্দমা চলাৰ অন্তঃত পেজেঙে এটা কেচত জয়লাভ কৰিলে,

Lawyer - মি. পেজেঙ, অভিনন্দন, আপুনি কেচটোত জয়লাভ কৰিলে ।

পেজেঙ - ধন্যবাদ, উকীল চাহাব, ভগবানে আপোনাৰ উন্নতি কৰি ডাৰোগা বনাই দিয়ক ।

Lawyer - আৰে, মইতো উকীল ! ডাৰোগা হৈ গ'লে মোৰ উন্নতি ন'হৈ অধোন্নতিহে হ'বগৈচোন ! উকীলতো ডাৰোগাতকৈ ডাঙৰ ।

পেজেঙ - মোৰ মতে ডাৰোগাই ডাঙৰ ।

Lawyer - কেনেকৈ ???

পেজেঙ - আপুনিতো কেচতো চলাই নি ১০ বছৰ পোৱালেগৈ আৰু লগতে ১ লাখ টকা খৰছো হ'ল । সৌ ডাৰোগা ডাঙৰীয়াই আৰম্ভণিতে টকা ৫০০০ খুজিছিল । তেতিয়া টকা খিনি দিয়াহেঁতেন মোৰ কেচটো ইমানদিনলৈকে নৰ'ল হেঁতেন হে বুজিছে !!!





নগেনৰ পুতেক সকলক লৈ সমস্যা Assamese Lawyer Jokes


Trailer :- নগেনৰ এজন পুতেক Lawyer (উকীল) আৰু এজন......

Lawyer Jokes, Assamese Jokes


নগেনৰ এজন পুতেক Lawyer (উকীল) আৰু এজন পুতেক Doctor (ডাক্তৰ).

ৰমেন - হেৰৌ নগেন, বোলো তোৰ বৰ ভাগ্য আকৌ দেই !

নগেন - কিয় ?

ৰমেন - Lawyer আৰু Doctor একেলগে একেখন ঘৰতে পাইচ্ যেতিয়া !

নগেন - আৰে, কি ক'বি আকৌ বুইচ্ ! সেয়ে মোৰ ভাগ্য বেয়াহে চলিচে যেন পাইছো !

ৰমেন - কিহৰ ভাগ্য বেয়াহে ?

নগেন - সেইদিনাখন মোক গাড়ী এখনে খুন্দিওয়াত ভৰি এখনত বৰ বেয়াকৈ আঘাট পালোঁ । মোৰ Doctor ল'ৰাজনে ক'লে বোলে মোৰ ভৰিখন হেনো কাটি পেলাব লাগিব । সেই কথা শুনি মোৰ Lawyer ল'ৰাজনে ক'লে বোলে, "নহয় দেউতা, ভৰিখন কেইদিনমান তেনেদৰে থাকক, অলপ ceptic হৈ উঠক, তাৰ পিছত গাড়ী খনৰ পৰা ভালদৰে ক্ষতিপুৰণ আদায় ল'ব পৰা যাব"😁😁😁😁😁


পেজেঙ আৰু নগেনৰ কেচৰ চৰম ফলাফল Assamese Comedy Lawyer Jokes


Trailer :- পেজেঙ আৰু নগেন(মি. নগেন ভৰালী)ৰ মাজত মাটি-বাৰিক লৈ দুৰ্ঘোৰ.....

Lawyer Jokes

পেজেঙ আৰু নগেন(মি. নগেন ভৰালী)ৰ মাজত মাটি-বাৰিক লৈ দুৰ্ঘোৰ কাজিয়া ।

বহুদিন যোৱাৰ পিছতো একো উপায় নাপায় পেজেঙ অৱশেষত Lawyer (উকীল)ৰ কাষলৈ গ'ল ।

Lawyer (উকীল) - আপোনাৰ পক্ষ অন্ত্যন্তঃ দুৰ্বল, আপুনি কেচত জিকাৰ সম্ভাৱনা তেনেই ক্ষীণ ।

পেজেঙ - Judge (বিচাৰক) জনক মিঠা দৈ আৰু মিঠাই দিলে ?

Lawyer (উকীল) - তথাপিও কোনো লাভ নহ'ব ! আমাৰ ইয়াৰ Judge (বিচাৰক) জন বৰ কঠোৰ । তেওঁ এইবোৰত ভোল নাযায়, এইবোৰ দিয়া মানে আপুনি কেচটোত হৰাতো খাটাং ।

ক্ষীণ সম্ভাৱনা থকা বুলি জনাৰ পিছতো পেজেঙ কেচ চলোৱাৰ সিদ্ধান্ত ল'লে ।

কিছুদিন কেচ্ চলাৰ পিছত, এদিন আদালত চৌহদত ....................

পেজেঙ - উকীল চাহাব, মই কেচত জিকিলোঁ । আপোনাৰ কিটিপটোৱে কাম কৰিলে ।

উকীল চাহাব - মানে আপুনি Judge (বিচাৰক) জনক মিঠা দৈ আৰু মিঠাই দিলেই মানে, নে কি ?

পেজেঙ - হয় হয়, আপুনি কৈছিল নহয়, মিঠা দৈ আৰু মিঠাই দিয়া মানে মই কেচটোত হৰাতো খাটাং, সেয়ে মই মিঠা দৈ আৰু মিঠাইবোৰ Judge ক দিওঁতে পেকেটৰ ভিতৰত এখন কাগজ ভৰাই দিছিলোঁ, তাত লিখি দিছিলোঁ - "মি. নগেন ভৰালীৰ তৰফৰ পৰা এটি সৰু উপহাৰ, আশাঁ কৰোঁ আপুনি গ্ৰহণ কৰিব, ধন্যবাদ"

উকীলৰ পাল্লাত ডাক্তৰ চাহাবৰ বিলৈ Lawyer Jokes - Assamese Jokes


Trailer :- এজন ডাক্তৰ চাহাব এটা ডাঙৰ পাৰ্টিলৈ গ'ল.......


এজন ডাক্তৰ চাহাব এটা ডাঙৰ পাৰ্টিলৈ গ'ল ।

পাৰ্টিখনত থকা অইন লোক সকলে ইমান এজন নাম আৰু প্ৰতিষ্ঠা থকা ডাক্তৰ জনক ওচৰতে পায় তেওঁক বেৰি ধৰিলে ।

সকলোৰে, কাৰোবাৰ বদহজমৰ সমস্যা, কাৰোবাৰ গেচৰ সমস্যা, কাৰোবাৰ চৰ্দি-কাঁহ আদিৰ সংক্ৰান্তত বিনামূলীয়া পৰামৰ্শ লোৱাৰ ধান্দা ।

অতিকৈ শিষ্টাচাৰী ডাক্তৰ জনে কাকো মানা কৰিব পৰা নাছিল ।

উক্ত পাৰ্টিটোত চহৰ খনৰ এজন নামী-দামী উকীলো আহিছিল ।

উকীল জনক এনেকৈ পাৰ্টিত দেখা পায় ডাক্তৰ চাহাব লগে লগে তেওঁৰ কাষলৈ গৈ ক'লে, "হেৰি, বুজিছেনে? মোৰ মানে বৰ বিৰক্তি লাগি গৈছেহে, সকলোৱে খালি বিনামূলীয়া পৰামৰ্শ লোৱাৰ ধান্দাতে আছে মানে । আপোনাৰ তেনেকুৱা নহয় নেকিহে?"

উকীল - মোৰ তেনেকুৱা হয় কিন্ত্ত ।

ডাক্তৰ - হয় যদি কেনেকৈ control কৰা হে মানুহবোৰক ?

উকীল - একদম চিম্পল, মই প্ৰথমতে তেওঁলোকে বিচৰা ধৰণে পৰামৰ্শবোৰ দিওঁ আৰু তেওঁলোকৰ ঠিকনাবোৰ লৈ পিছত ঘৰলৈ বিলবোৰ পঠিয়াই দিওঁ ।

কথাখিনি ডাক্তৰ চাহাবৰ হজম হ'ল আৰু পাৰ্টিৰ অইন কিছু লোকক পৰামৰ্শ দি পাৰ্টি শেষ কৰি ঘৰলৈ গ'ল ।

পিছদিনাখন, যোৱাৰাতি পাৰ্টিত পৰামৰ্শ দিয়া লোকবোৰৰ ঠিকনাবোৰ আগত লৈ তেওঁলোকৰ নামত বিলবোৰ বনাবলৈ ধৰিলে ।

অলপ সময় পিছত,

উকীলৰ কৰ্মচাৰী - ডাক্তৰ চাহাব, কালি ৰাতি আপুনি আমাৰ চাৰৰ পৰা কিবা service লৈছিলে নেকি তাৰে বিল খন আহিছে চাৰ্ । Please Pay 😁😁😁

সুখ বিচাৰি Judge চাহাবৰ বিচাৰ Assamese Lawyer Jokes


Trailer :- আইনৰ কিতাপৰ ২০ নং দফাৰ অনুসৰি.....


উকীল - Judge চাহাব, আইনৰ কিতাপৰ ২০ নং দফাৰ অনুসৰি মোৰ client ক সকলো দোষৰ পৰা মুক্ত কৰি ৰেহাই দিব লাগে ।

Judge - কিতাপখন মোৰ সন্মুখত হাজিৰ কৰা হওঁক ।

Judge চাহাবে ২০ নং দফা খুলি দেখিলে তাত এখন ২০০০ টকীয়া নোট ।

Judge চাহাব হাঁহি হাঁহি - এনেকুৱা আৰু ২ টা প্ৰমাণ হাজিৰ কৰা হওঁক 😂😂😂

আদালতত ৮০ বছৰীয়া বৃদ্ধাৰ উত্তৰ Assamese Comedy Lawyer Jokes


আদালত কক্ষত এটা মোকৰ্দমাৰ শুনানি প্ৰক্ৰিয়াত এগৰাকী.......

Lawyer Jokes, Assamese Jokes

আদালত কক্ষত এটা মোকৰ্দমাৰ শুনানি প্ৰক্ৰিয়াত এগৰাকী ৮০ বছৰীয়া বৃদ্ধাৰ সাক্ষী প্ৰদান চলি আছিল ।

বৃদ্ধা গৰাকীৰ স্মৰণ-শক্তি অলপ দুৰ্বল আছিল, এই কথাটো পৰীক্ষা কৰিবলৈ উকীল চাহাবে বৃদ্ধা গৰাকীক প্ৰশ্ন কৰিলে, "আপুনি মোক চিনি পায়নে?"

বৃদ্ধা - তোক কেলেই চিনি নাপাম । তোক সৰুৰ পৰাই পাইছো । সৰুতে বেলেগৰ ঘৰৰ পৰা বস্ত্ত চুৰ কৰি খাইছিলি । স্কুললৈ যোৱাৰ নামত কান্দি-কাটি হুলস্হূল্ । তই আগতে ক' তই উকীল কেনেকৈ হ'লি ?

বৃদ্ধা গৰাকীৰ কথা শুনি দুয়োপক্ষৰ উকীলে ঠতমত্ খাই, বিপৰীত পক্ষৰ উকীল জনে পৰিস্হিতি সামান্য কৰিবলৈ প্ৰশ্ন কৰিলে, "আইতা, তাৰমানে আপুনি এওঁক ভালদৰে চিনি পায়"।

বৃদ্ধা - অ' অ', ইয়াক কি, ইয়াৰ গোটেই বংশ-গুষ্টিকে মই চিনি পাওঁ । ই সৰু থাকোতে ইয়াৰ বাপেকে মদ খায় মোৰ ঘৰৰ সন্মুখৰ নলাত প্ৰায়েই পৰি থাকিছিল আৰু ইয়াৰ মাকে ঝাড়ু লৈ বাপেকক খুব পিটিছিল । আৰু ই এক নম্বৰ চয়তানৰ হাৰ্ডি আছিল । কাৰো ঘৰতে তাক সোমাব দিয়া নাছিল ।

এনেতে judge মহোদয় - অৰ্ডাৰ্ অৰ্ডাৰ্...

দুয়ো পক্ষৰ উকীলক তেওঁৰ কাষৰত আহিবলৈ ইংগিত দিলে । লগে লগে তেওঁলোক judge মহোদয়ৰ কাষ চাপি আহিলত - "হেৰৌ, আৰু যদি আপোনালোক দুয়ো জনে বৃদ্ধা গৰাকীৰ বিষয়ে আৰু কিবা সোধে, আপোনালোক দুয়োকে জেললৈ নিক্ষেপ কৰিম বাপ্পেকে "।


0 comments: