Teacher Jokes । Top Funny Jokes Assamese । অসমীয়া ৰগৰ

Teacher Jokes । Top Funny Jokes Assamese । অসমীয়া ৰগৰ

লৈ আহিছো কেইটামান বচা বচা Top Funny Jokes আৰু Teacher Jokes, পঢ়ি পঢ়ি মজা লওঁক আৰু দিনটো মধুৰ কৰি তোলক । ইয়াত  পঢ়িবলৈ পাব Teacher Jokes Brave Student, Teacher Jokes Money and Talent, Teacher Jokes Sanskrit আৰু Teacher Jokes Morality. ছাত্ৰ-শিক্ষক ৰগৰ, Teacher Student Jokes, অসমীয়া ৰগৰ, Assamese Jokes, Assamese Comedy.

Teacher Jokes, Top Funny Jokes
Teacher Jokes


Top Funny Jokes

(Teacher Jokes সাহসী ছাত্ৰ)

স্কুল এখনত এবাৰ এজন শিক্ষকে ছাত্ৰ সকলক এটা প্ৰশ্ন সুধিলে ।

Teacher - আচ্ছা কোৱাচোন, তোমালোকৰ ভিতৰত আটাইতকৈ সাহসী কোন হোৱা ?

Teacher ৰ প্ৰশ্নটো শুনি সকলো ছাত্ৰই হাত ডাঙিলে ।

Teacher Confused !

এই ভাবি তেওঁ ছাত্ৰ সকলক আৰু এটা প্ৰশ্ন সুধিলে ( চাওঁচোন এওঁলোকে এইবাৰ কি কৰে)

Teacher - আচ্ছা কোৱাচোন, তোমালোকৰ স্কুলৰ আগফালে যদি কোনোবাই বোম্ এটা থৈ যায়, তোমালোকে কি কৰিবা ?

শিক্ষক জনৰ প্ৰশ্ন শুনি সুপন্দিয়ে টপক্ কৈ হাত ডাঙি ঠিয় হৈ ক'লে -

চাৰ্, দুই মিনিট বোম্ টো ভালকৈ চাই থাকিম, কোনোবাই যদি লৈ যায় তেন্তে বৰ ভাল কথা, নহ'লে staffroom ত গৈ থৈ আহিম !!!!

Teacher 😦😦😦😦😦


Teacher Jokes Money and Talent

(Teacher Jokes টকা আৰু বুদ্ধি)

Teacher - এফালে টকা আৰু আনফালে বুদ্ধি ; দুয়োটাৰ ভিতৰত তোমালোকক চয়ন্ কৰিবলৈ দিলে কোনটো বাচি ল'বা ?

student - সুপন্দিয়ে লগে লগে ঠিয় হৈ টপৰাই উত্তৰ দিলে, চাৰ্ 'টকা' !

Teacher - বুৰ্বুক, ভুল ; মই হ'লে কিন্ত্ত 'বুদ্ধি' কহে বাচনি কৰিলো হেঁতেন !

student - চাৰ্, ঠিকেই কৈছে, মোৰ ক্ষেত্ৰত বেলেগ, যাৰ লগত যিটো বস্ত্ত নাথাকে তেওঁ সেইটোৱে বৰকৈ পাবলৈ হাৱিয়াস কৰি থাকে ।

Teacher 😦😦😦😦😦


Teacher Jokes

(Teacher Jokes নীতিশিক্ষা)

নীতিশিক্ষাৰ ক্লাছত Teacher আৰু Student,

Teacher - এতিয়া সকলোৱে বচন লোৱা, জীৱনত কেতিয়াও সুৰা আৰু cigarette সেৱন নকৰো ।

Student - নকৰো চাৰ্ ।

Teacher - কেতিয়াও ছোৱালীৰ পিছে পিছে ঘুৰি নুফুৰো ।

Student - নুফুৰো চাৰ্ ।

Teacher - কেতিয়াও ছোৱালীৰ লগত friendship নকৰো ।

Student - নকৰো চাৰ্ ।

Teacher - সদায় দেশৰ বাবে প্ৰাণ আহুতি দিবলৈ সাজু থাকিম ।

Student - দেশৰ বাবে প্ৰাণেই দি দিম চাৰ্, এনেও এনেকুৱা জীৱন লৈ কি আৰু বাচি থাকিম !!!

Teacher 😦😦😦😦😦


Teacher Jokes Sanskrit

(Teacher Jokes সংস্কৃত শ্লোক্)

Teacher - ক'চোন সুপণ্দি, তই সংস্কৃতৰ শ্লোক্ বোৰৰ অৰ্থবোৰ জান নে নাই ?

Student (সুপণ্দি) - হ'ব চাৰ্ !

Teacher - “कर्मण्येवाधिकारस्ते मा फलेषु कदाचन”
ক' ইয়াৰ অৰ্থ কি ?

Student (সুপণ্দি) - ৰাধিকাই ৰাস্তাত মাকৰ লগত ফল বেচাৰ কাম কৰি আছিল ।

Teacher - ধুৰ গাধ, ইয়াৰ অৰ্থ এইটো নহয় । আচ্ছা ক'চোন,
“बहुनि मे व्यतीतानि, जन्मानि तव चार्जुन” 
মানে কি বুজাইছে ?

Student (সুপণ্দি) - বহুবছৰ ব্যতিত হোৱাৰ পিছত সকলোৰে জন্ম তেতিয়া চাৰি জুনত হৈছিল ।


Teacher - ধুৰ গাধ খালি খালি, ইয়াৰ অৰ্থ এইটো নহয়টো । আচ্ছা ক' তেন্তে,
“दक्षिणे लक्ष्मणोयस्य वामे तू जनकात्मजा"
ইয়াৰ অৰ্থ কি ?

Student (সুপণ্দি) - দক্ষিণত ঠিয় হৈ লক্ষ্মণে ক'লে জনক তইটো আজিকালি বহুত মজা লৈ আছ'

Teacher - ধুৰ গাধ, মুৰ্খ, পঢ়া শুনা নকৰ' এইহে পঢ়িচ' হেৰৌ, অকণ পঢ়া শুনাত মন -কাণ দে । দে এইবাৰ ক'চোন, এইটো কিজানি জান'ই,
"हे पार्थ त्वया चापि मम चापि"
ই কি বুজাইছে ?

Student (সুপণ্দি) - চাৰ্, মহাভাৰতৰ যুদ্ধত শ্রীকৃষ্ণই অৰ্জুনক কৈ আছিল যে,...

Teacher - ওম্, হৈছে, ক' ক'

Student (সুপণ্দি) - কৈ আছিল যে,...

Teacher - ওম্, পাৰিছ', পাৰিছ', কৈ যা

Student (সুপণ্দি) - চাৰ্, মহাভাৰতৰ যুদ্ধত শ্রীকৃষ্ণই অৰ্জুনক কৈ আছিল যে,......

হে অৰ্জুন তইও চাহ এটুপি পি ল' মইও চাহ এটুপি পি ল'ও তাৰ পিছত কথা হ'ম!!!

Teacher 😦😦😦😦😦



মই ভাবো আপোনালোকে Teacher JokesTop Funny Jokes অসমীয়া ৰগৰ কেইটা পঢ়ি খুব ভাল পালে । আপোনালোকৰ মনৰ ভাব বোৰ এই লেখাৰ তলত থকা comment box ত comment কৰি জনাব । আৰু এই post টো কৰিবলৈ নাপাহৰিব । হাঁহি থাকক, সুখী হৈ ৰওঁক ।

1 comment: