Assamese New Comedy Jokes । Assamese Jokes Comedy

Assamese New Comedy Jokes । Assamese Jokes Comedy On গাৰ্লফ্ৰেইণ্ড, আলহী আৰু ডাইনী

You are searching Best Assamese Jokes ! Then you are in the right place. Here in this post you will find some very interesting and attractive Jokes in Assamese. And also with some assamese jokes comedy, assamese comedy jokes download, assamese new comedy jokes and assamese best comedy jokes. So, Enjoy ! 

Assamese New Comedy Jokes
Assamese New Comedy Jokes

এটা পৰিয়ালত চাৰিটা ল'ৰা আৰু এজনী ছোৱালী আছিল, সিঁহতৰ নামবোৰ অলপ আচহুৱা ধৰণৰ আছিল ।

ডাঙৰ ল'ৰাটোৰ নাম আছিল "ভঙা"
দ্বিতীয় জনৰ নাম "ফটা"
তৃতীয় জনৰ নাম "ফিকা"
চতুৰ্থ জনৰ নাম "মৰা"
আৰু ছোৱালীজনীৰ নাম আছিল "ডাইনী" ।

এদিন ছোৱালীজনীক বিবাহৰ বাবে এটা পৰিয়ালে চাব আহিলে।

আলহী অহা দেখি মাকে চিঞৰীলে :-

"ভঙা" চকী লৈ আহচোন আলহী আহিলেই ।

আলহীয়ে মাকৰ কথাত লাজ পালে ।

আলহী- নাই নালাগে নালাগে, আমি তলতে বহিম ।

মাক - "ফটা" পাটীখন লৈ আহ, আলহী তাতে বহিব বোলে ।

আলহীয়ে মাকৰ কথাবোৰত আচৰিত হ'ল।

মাক - আচ্ছা কওঁকচোন, আপোনালোকে চাহ খাব নে গাখীৰ?

আলহী - চাহকে দিয়ক ।

মাক - "ফিকা" চাহ লৈ আন।

আলহী - (ফিকা চাহ বুলি জানি) নাই নালাগে দিয়ক গাখীৰকে খাম ।

মাক - "মৰা" গৰুৰ গাখীৰকে দে আলহীয়ে বোলে চাহ নাখায় ।

আলহী - (ভয় খায়) নাই নাই আমি একো নাখাও, কেৱল ছোৱালী জনীকে কোনোমতে দেখুওঁৱাক আৰু ।

মাক - বোপাইহঁত ঔ, আমাৰ "ডাইনীক" লৈ আন বাহিৰলৈ 😂😂😂

আলহী পলাই পত্ৰং দিলে 😝😝😝



সুপন্দি তই ক'চোন ভাৰতৰ চাৰিসীমাত কি কি আছে

মেদাম, ভাৰতৰ চাৰিওটা সীমাতে পুলিছ আৰু মিলিটাৰী আছে

                                  🌼🌼🌼
                               
Assamese New Comedy Jokes

                                 🌼🌼🌼

স্কুল এখনত এজন নতুনকৈ মাষ্টৰ এজন আহিল । 

প্ৰথম দিন,সেয়ে মাষ্টৰজনে শ্ৰেনীকোঠাত সোমায়ে সকলো ছাত্ৰৰ লগত চিনাকী হল ,

মাষ্টৰ- কোনোবাই মোক মহৎ লোকৰ বাণী কব পাৰিবানে ?

এজন ছাত্ৰ থিয় হৈ কলে - চাৰ, অহিংসাই পৰম ধৰ্ম।

মাষ্টৰ -সুন্দৰ, আৰু কোনোবাই কব পাৰিবানে ?

এইবাৰ ধৰ্ম নামৰ ছাত্ৰ জনে কলে- চাৰ ,কৰ্ম ই ধৰ্ম ।

ধৰ্মৰ কথাশুনি ওচৰত বহি থকা নগেনে  হাঁহিব ধৰিলে ।

মাষ্টৰে নগেনক সুধিলে-তুমি কিয় হাঁহি আছা, তুমি ক'ব পাৰিবানে । থিক আছে তুমি কৰ্ম আৰু ধৰ্ম শব্দ দুটাৰ ওপৰত এটাকৈ বাক্য ৰচনা কোৱা ।

নগেন- চাৰ ,মই ধৰ্মক চিনি পাওঁ,তাৰ ওচৰতে মোৰ ঘৰ । ধৰ্মৰ দেউতাকৰ নাম কৰ্ম ।

মাষ্টৰ- মই তোমাক ঘৰ ক'ত জানিব মন নাই। আগতে বাক্যটো কোৱা ।

নগেন-চাৰ, কৰ্ম খুড়াৰ বিয়া হোৱা পিছত দিনে-ৰাতি কৰ্ম কৰাৰ ফলত এবছৰ পিছত ধৰ্মৰ  জন্ম হৈছিল । 

মাষ্টৰে নগেনৰ উত্তৰ শুনি ......😂😂😂


                                 🌼🌼🌼

চোৱা, ছোৱালীহঁত পুৰণি ফটোবোৰ চাই মনত দুখ নকৰিবা ! 

তোমালোক এতিয়াওঁ সেই আগৰ দৰেই হৈ আছা !

মাঁথো ফটো উঠা কেমেৰাবোৰহে সলনি হৈছে !

English Text -

Sowa, Sowalihot Puroni Photo Bor Sai Monot Dukh Nokoriba !

Tumalok Etiao Khei Agor Dorei Hoi Asa !

Matho Photo Utha Camera Bor He Kholoni Hoise !

                                 🌼🌼🌼

Assamese New Comedy Jokes

                                 🌼🌼🌼

আজিকালি মানুহবোৰৰ মোবাইলত থকা Contact List >>

Maa New
Deuta Voda
Bhaity 1
Sasuri 1
Deuta 2
Sasuri New
Wife Old

- কিবা চব্ ওলট্-পালট্ যেনেই লাগেচোন !

                                🌼🌼🌼

Assamese New Comedy Jokes

                                 🌼🌼🌼

ভাৰতত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ -

"ঘণ ক'লা ডাৱৰীয়া মেঘৰ সৈতে হোৱা নেৰানেপেৰা বৰষুণ" বুলিয়েই মোৰ ধাৰণা

English Text -

Bharat Ot Jonokhankhya Briddhir Mul Karon -

" Ghon Kola Daworiya Meghor Khoite Howa Neranepera Borokhun" Buliwei Mor Dharona !

                                🌼🌼🌼



কেইদিনমানৰ আগৰ কথা……

গাৰ্লফ্ৰেণ্ড = কি কৰিছা জান ? 

মোজ্জাম্মিল = এনেই আছো । মনতো বৰ ভাল নহয় অ' !

গাৰ্লফ্ৰেণ্ড = কিয় ? কি হ'ল আকৌ ? 

মোজ্জাম্মিল = আজিলৈকে দৰমহা হোৱাই নাই অ' !

গাৰ্লফ্ৰেণ্ড = অহহহ !

মোজ্জাম্মিল = ঐ ! শুনাচোন ! আজি অলপ ওলাই আহিবা নেকি ? বৰপুখুৰীৰ পাৰতে ফুৰিম অলপ । মনতো অলপ ভাল লাগিব অ' !

গাৰ্লফ্ৰেণ্ড = চ'ৰি জান ! মায়ে কৈছে.... ৰোজা ৰখা দিনকেইটাত ঘূৰি ফুৰিব নেপায় !

মোজ্জাম্মিল = হুমমম !

দৰমহা হোৱাৰ পিছত এদিন……

গাৰ্লফ্ৰেণ্ড = ক'ত আছা জান ? 

মোজ্জাম্মিল = অফিচত !! 

গাৰ্লফ্ৰেণ্ড = ছুটীৰ পিছত আহিবা নেকি ? অলপ ফুৰিব যাম !

মোজ্জাম্মিল = ক'ত যাবা ? 

গাৰ্লফ্ৰেণ্ড = ক'তনো যাম আৰু ?? অকণমান বিগ্ বজাৰলৈ যাম তাৰ পিছত জ'লিমেক্চত এখন চিনেমাকে চাই দিম আৰু !

মোজ্জাম্মিল = চ'ৰি জান ! আব্বাই কৈছে , ৰোজা ৰখা দিনত বৰ বেছি ঘূৰি ফুৰিব নেপায় ! গতিকে অফিচৰ পৰা চিধাই ঘৰলৈহে যাম ! বেয়া নাপাবা হাঁ !

হে হৰি !😄😄😄

                                  🌼🌼🌼

Assamese New Comedy Jokes

                                🌼🌼🌼

                                                        <Next Jokes>


(Facebook ৰ Khagori Page ত Like কৰক আৰু এই Post টো Share কৰক)
                             
                                 👇👇👇


- Assamese New Comedy Jokes । Assamese Jokes Comedy

Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese