Assamese Love Tips In A Relationship । Best Love Tips In Assamese

Assamese Love Tips In A Relationship । Best Love Tips In Assamese

How To Make Your Girlfriend Love You More - Assamese Love Tips In A Relationship ?


আপোনাৰ Girlfriend য়ে আপোনাক কেনেদৰে অধিক ভাল পাব ?


assamese love tips


জীৱনটো বহু ক্ষেত্ৰত সুন্দৰ নহবওঁ পাৰে । যেনে ধৰক, নাৰী এগৰাকীয়ে ভালদৰে জানে যে, পুৰুষ এজনক নিজৰ প্ৰতি কেনেকৈ আকৰ্ষিত কৰিব লাগে ? তেওঁলোকে প্ৰচলিত পোচাক পিন্ধি আ-অলংকাৰ পৰিধান কৰি এক মিঠা চাৱনিৰে ভৰাই পেলাব, বচ্, আৰু কি! পুৰুষ জনে লগে লগে তাইৰ প্ৰতি আকৰ্ষিত হবলৈ ধৰে । 



এনেকৈ বহু ক্ষেত্ৰত ল'ৰাবোৰ ছোৱালীৰ প্ৰেমত পৰা দেখা যায় । আৰু এনেদৰেই  এই প্ৰক্ৰিয়াটো বছৰ বছৰ ধৰি চলি থাকে ।

য'ত নেকি পুৰুষ সকলে এগৰাকী নাৰীক কেনেকৈ নিজৰ প্ৰতি আকৰ্ষিত কৰিব তাক লৈ অনুসন্ধিৎসু হৈ মনটোক কষ্ট দি থাকে ।

এতিয়া আপুনি আৰু তাক লৈ বিস্মিত হৈ থকাৰ প্ৰয়োজন নাই । প্ৰথমতে আপুনি 
ছোৱালী এজনীক আকৰ্ষিত কৰিবলৈ ইতিমধ্যে প্ৰয়োগ কৰি থকা আপোনাৰ সস্তীয়া বুদ্ধিবোৰ দলিয়াই পেলাওঁক ।

আৰু এই লেখাত উল্লেখ কৰা দিশ সমূহ অনুকৰণ কৰক আৰু আপোনাৰ Girlfriend ক নিজৰ প্ৰতি আকৰ্ষিত কৰক ।

পুৰুষ আৰু মহিলা বা নাৰী উভয়ৰে মনৰ উপলদ্ধি কিছু ভিন ভিন হয় । নাৰী গৰাকীৰ প্ৰয়োজনীয় দিশ অন্য ধৰণৰ হয় । তেওঁলোকে আশা, আকাঙ্ক্ষা, সন্মান বোধ, মূল্য বোধ ইত্যাদি দিশবোৰত গুৰুত্ব দিয়ে । গতিকে আমি পুৰুষ বা ল'ৰা বোৰে ছোৱালী বা নাৰী গৰাকীৰ এই কথাবোৰত মন দিব লাগে । আৰু তেওঁলোকে এইটোৱে বিচাৰে ।


এই ক্ষেত্ৰত প্ৰধানতঃ আমি কেনেকৈ আগবাঢ়িব লাগিব তাৰ কিছুমান উল্লেখযোগ্য পদ্ধতিৰ বিষয়ে তলত আলোচনা কৰা হৈছে -


assamese love tips


Some Love Tips In Assamese :-

১) Girlfriend ৰ কথা শুনক -

আহক এটা সহজ পদ্ধতিৰে আৰম্ভ কৰোঁ । প্ৰথমতে আপোনাৰ girlfriend ৰ কথাবোৰ মন দি শুনিবলৈ যত্ন কৰক । কিন্ত্ত ই সকলো সময়তে একেবাৰে সহজ নহবওঁ পাৰে । 

অৰ্থাৎ আপুনি তাইক ভালদৰে শুনক, তাইক বুজিবলৈ ধৰক আৰু লগতে এইটোও বুজাওক যে, আপুনি তাইৰ কথাবোৰ ভালদৰে শুনিবলৈ লৈছে আৰু তাইক বুজিবলৈ চেষ্টা কৰিছে ।

সাধাৰণতে সম্বন্ধ এটাৰ ক্ষেত্ৰত ছোৱালী সকলৰ ফালৰ পৰা সততে এটা অভিযোগ পোৱা যায়, সেয়া হ'ল এয়ে যে "তেওঁ মোক এতিয়াওঁ ভালদৰে নুবুজিলে"।

গতিকে আশা-আকাংক্ষাৰ প্ৰতি গুৰুত্ব দি পোণ প্ৰথমতে নিজক আকৰ্ষিত কৰক আৰু তাইক বুজিবলৈ শিকক ।

তাইৰ চকুলৈ চাওঁক, তাইৰ মনৰ পৰিভাষাবোৰ জানি লওঁক । তাইনো কি ভাবি আছে, তাইৰ মনৰ অনুভৱবোৰৰ প্ৰতি মনোযোগ দিয়ক । তাই যাতে আপোনাৰ লগত সহজ ভাৱে কথা কব পাৰে তেনে পৰিস্হিতি গঢ়ি তুলিবলৈ চেষ্টা কৰক । তাই যে আপোনাৰ লগত সুৰক্ষিত, সেইটো তাইক বুজাওঁক আৰু মনৰ কথাবোৰ তাইক খুলি ভাঙি কবলৈ দিয়ক । 

আপুনি যদি কথোপকথন কেনেকৈ আৰম্ভ কৰিব সেইটো ধৰিব পৰা নাই বা সেই পৰিৱেশ কেনেকৈ গঢ়ি তুলিব বুজিব পৰা নাই তেনেহলে, তাইক কিছুমান প্ৰশ্ন সোধক আৰু তাইৰ মনটো বুজি লওঁক ।

যেনেকৈ তাই যদি কয়, "জানানে? মোৰ বান্ধৱী শেৱালীয়ে মোক ঈৰ্ষা কৰে"

তেতিয়া আপুনি তাইক প্ৰশ্ন কৰক, "কোন শেৱালী মই তাইক কেতিয়াবা লগ পাইছিলো নেকি?" বা "তাই কিয় তোমাক তেনে কৰে" বা "তুমি কেনেকৈ জানিব পাৰিলা, তোমাক কোনোবাই সেই বিষয়ে ক'লে নেকি?" 

এনেদৰে প্ৰশ্নবোৰ কৰি আচলতে তাইক যে আপুনি গুৰুত্ব দিছে, তাইৰ কথাবোৰ যে শুনিবলৈ ধৰিছে, সেইটো প্ৰতিপন্ন হ'ল । আৰু এনেদৰেই কথোপকথন আৰম্ভ কৰি আগুৱাই লৈ গৈ থাকিব পাৰি ।

আপোনাৰ girlfriend ৰ লগত কথোপকথন চলি থকা অৱস্হাত আপোনাৰ ফোনটো পকেটত ৰাখি থৈ সম্পূৰ্ণ মনোযোগ তাইৰ প্ৰতি দিয়াটো উচিত ।

তেতিয়া তাই এই বিষয়ে নিশ্চিত হৈ যাব যে, আপুনি তাইক গুৰুত্ব দিয়ে ।

২) আপোনাৰ girlfriend য়ে কি ভাল পায় -

আপোনৰ মুখমণ্ডলত যদি দাড়ি ৰাখি থৈছে, shave কৰি লওঁক । 

এতিয়া আপোনাৰ প্ৰেয়সীৰ হাতখন আপোনাৰ মুখমণ্ডলত স্পৰ্শ কৰিবলৈ দি সোধক, তাই আপোনাৰ পৰিস্কাৰ মুখখনি ভাল পালে নে নাই ।

এটা ভাল ধৰণৰ scent বা spray আপোনাৰ শৰীৰত লগাই লৈ, আপোনাৰ প্ৰেয়সীক তাৰ গোন্ধটো লবলৈ দি সোধক, তাই সেইটো ভাল পালে নে নাই ? এই সুগন্ধিটোৰ ওপৰত তাইৰ মন্তব্য কি?


এইটোৱে তাই আপোনাৰ কথা ভাবিবলৈ সহায় কৰিব আৰু তাই মনতে সন্তোষ লভিব কাৰণ, তাই কি ভাবে সেইটোত আপোনাৰ গুৰুত্ব আছে ।

এই ধৰণে আপুনি বিভিন্ন ক্ষেত্ৰ বাচি লৈ আপোনাৰ girlfriend ক সুধি বা দেখুৱাই লৈ তাইৰ মনোভাৱ সহজেই জানি লব পাৰি ( Do something special on a regular basis )




৩) আপোনাৰ girlfriend ৰ বাবে আপুনি Hero হওঁক -

আপোনাৰ নিশ্চয় সেই চিনেমাৰ চিনবোৰ মনত আছে যেতিয়া ষ্টাইলিষ্ট চুলিৰে সৈতে সুসজ্জিত পোচাকেৰে বিশাল ব্যক্তিত্ব লৈ Hero জনে প্ৰথমতে ভাল পাবলৈ বিচৰা ছোৱালীজনীক লগ কৰিবলৈ আহে ।

হয়, নিশ্চয় ! পৰিপাটি পোচাক পৰিধান কৰক । Smart দেখাবলৈ নিজকে যত্ন কৰক । নিজৰ চুলিবোৰ নিজকে খাপ খোৱাকৈ কটাই পেলাওঁক । কিন্ত্ত অতিৰঞ্জিত নকৰিব ।

এইবোৰে আপোনাৰ girlfriend ৰ মনৰ ওপৰত গাঢ় সাঁচ বহুৱাব । ইয়েই আপোনাৰ প্ৰতি প্ৰেম ভালপোৱা বঢ়োৱাত অৰিহণা যোগাব ।

আপুনিয়েই যে তাইৰ বাবে উৎকৃষ্ট পুৰুষ সেইটো দেখুৱাবলৈ চেষ্টা কৰক ।


assamese love tips


৪) সম্পৰ্ক সহজ হোৱাৰ পিছত প্ৰেয়সীৰ হাত আৰু কান্ধত স্পৰ্শ কৰিব । কিন্ত্ত অনবৰতে নহয় ।

৫) মাজে মাজে কথা পাতিবলৈ বিষয় বস্ত্ত বিচাৰি নাপালে Jokes শুনাব বা গান এটাকে গুণগুণাই শুনাব ( Do something great for your girlfriend  loves )

৬) তাইক কব, "তুমি খুব ধুনীয়া" , Hot বা Sexy ইত্যাদিৰে নকব ।

৭) কথাৰ মাজতে মাজে মাজে উনুকিয়াব যে, আপুনি তাইক কিমান ভাল পায় ( Summarize your loving moments and boost your lasting love )

৮) কেতিয়াবা আপোনাৰ girlfriend ক চিন্তিত যেন দেখিলে, সেই বিষয়ে জানিবলৈ চেষ্টা কৰিব । আৰু বিষয়টো সমাধানৰ ক্ষেত্ৰত সহায় কৰিব ।

৯) সৰু সৰু কথাবোৰ আওকাণ নকৰিব । কাৰণ এইবোৰো প্ৰেম-ভালপোৱাৰেই অংশ ।

১০) তাইৰ বন্ধু-বান্ধৱীবোৰৰ লগতো কেতিয়াবা সময় কটাবলৈ যত্ন কৰিব ।

১১) আপোনাৰ girlfriend ৰ চুলিটাৰিত মাজে মাজে হাত বুলাব ।

Assamese Love Sms

(Facebook ত LIKE আৰু SHARE কৰিব)

🍁🍁🍁- পঢ়ি চাব পাৰে - 🍁🍁🍁

Comments

Post a Comment

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese