Few Lines on Rongali Bihu - Attribute and Importance of Rongali Bihu

ৰঙালী বিহুৰ স্বকীয়তা আৰু ৰঙালী বিহু সম্পৰ্কে কিছু কথা । Few Lines on Rongali Bihu । Attribute and Importance of Rongali Bihu



Few Lines on Rongali Bihu

অসমৰ বিভিন্ন জনগোষ্ঠীৰ সমন্বয়েৰে সংস্কৃতিৰ প্ৰকাশেৰে আনন্দ আৰু নাচ-গান উপভোগ কৰা উমৈহতীয়া আনন্দই হৈছে অসমীয়াৰ অতিকৈ মৰমৰ বিহু উৎসৱ ( ৰঙালী বিহু বা বহাগ বিহু ) । অতিতৰ বিহু সম্পৰ্কে ভালদৰে অধ্যয়ণ কৰিলে বুজিব পাৰি যে, বিহু ( ৰঙালী বিহু ) সম্পূৰ্ণকৈ গাওঁলীয়া চহালোকৰ কৃষিভিত্তিক অনুস্হান বা উৎসৱ । কিন্ত্ত এই বিহুৱেই এতিয়া কালক্ৰমে আহি আধুনিক হৈ পৰিছে । ঠিক আছে সময়ৰ সতে সকলো বস্ত্তয়েই সলনি হয়েই । কিন্ত্ত য'ত এটা সংস্কৃতিৰ কথা জৰিত হৈ থাকে তাৰ কথা অলপ সুকীয়া । কাৰণ, এটা সংস্কৃতিৰ কিছু নিজস্ব স্বকীয়তা থাকে । ই সলনি হৈ এনেকুৱা এটা পৰ্যায় পাব নালাগে য'ত ইয়াৰ নিজস্বতা একেবাৰে নাইকিয়া হৈ যায় । অসমৰ জাতীয় জীৱন ঐক্য সংস্কৃতিৰ মূল ভেটি হৈছে বিহু । বিহু প্ৰকৃতিৰ লগত খাপ খাই থকা এটি উৎসৱ । ৰঙালী বিহু বা বহাগ বিহুৰ লগত সংগতি থকা সাজ-পোচাক, বাদ্য-যন্ত্ৰ, নীতি-নিয়মৰ কথাই সুকীয়া । ইয়াৰ লগত অন্যৰ সংযোজনে ইয়াৰ বিকৃত ৰূপ প্ৰকাশ পাব । ৰঙালী বিহুৰ এই নিজস্ব স্বকীয়তাৰ বাবে ই দেশ-বিদেশত সমাদৃত হৈ আহিছে । গতিকে ইয়াক আমি উঠি অহা চামে ভালকৈ অধ্যয়ণ কৰি ইয়াৰ স্বকীয়তা বজাই ৰাখিবলৈ যত্নপৰ হব লাগিব । 

Few Lines on Rongali Bihu


আজি কালি ৰঙালী বিহুৰ অনুষ্ঠানত ৰঙ, আনন্দ, ষ্ফুৰ্তিৰ নামত লাখ লাখ টকা খৰছ কৰা হয় । সেইটো কিছু পৰিমাণে গ্ৰহণযোগ্য, কাৰণ এটা অনুষ্ঠান কৰিবলৈ বহুখিনি ধনৰ প্ৰয়োজন হয় । কিন্ত্ত ৰঙালী বিহুৰ অনুষ্ঠানত মাৰ-পিট, সুৰাৰ ৰাগিত মাতাল হোৱা ইত্যাদিবোৰ দৃষ্টিকটু । আৰু এইবোৰ কৰ্মকাণ্ডই বিহুৰ মৰ্য্যাদা লাঘব কৰে ।




"ৰঙালী বিহুৰ অনুষ্ঠানত হিন্দী গীত পৰিৱেশন" এই সম্পৰ্কে এটা লেখাত বিশিষ্ট বুদ্ধিজীৱী হোমেন বৰগোহাঁঞী দেৱে কৈছে যে, "ৰঙালী বিহুৰ অনুষ্ঠানত হিন্দী গীত অকল ক্ষণস্হায়ী আনন্দৰ খোৰাক দিবলৈ পৰিৱেশন কৰা হয় । আৰু এনে কাৰ্য্যৰ দ্বাৰা ৰঙালী বিহুক কলুষিত কৰা হয় । গোটেই বছৰ জুৰি মানুহে হিন্দী গীত শুনিবলৈ পায় বা শুনি থাকিবলগীয়া হয় । তেনেস্হলত বছৰত মাত্ৰ কেইটামান দিনো যদি ৰঙালী বিহুৰ অনুষ্ঠানত অসমীয়া গীত-মাত শুনিবলৈ অসমীয়া মানুহৰ ধৈৰ্য্য বা আগ্ৰহ নাথাকে, তেনহলে সেইমানুহবোৰ ৰঙালী বিহুৰ অনুষ্ঠানত যোগ দিবলৈ কোনো অধিকাৰ নাই । অসমীয়া গীত, বিহুগীত ইত্যাদি শুনিলে যদি সিঁহতৰ কাণত বিহ ধলা যেন অনুভৱ হয়, বিহুতলিত হিন্দী গীত নুশুনালৈকে সিঁহতৰ আত্মাই যদি শান্তি নাপায় , তেতিয়া হলে সেইবোৰ মানুহে নিজকে অসমীয়া বুলি কোৱাৰ কোনো অধিকাৰ নাই । অসম আৰু অসমীয়াৰ প্ৰাণৰ বিহু প্ৰকৃতিৰ সমন্বয়েৰে মাটি-পানী আৰু বতাহৰ বিহুয়েই হৈ থাকক । অন্তঃত কেইটামান দিনৰ কাৰণে ৰঙালী বিহু হৈ পৰক নিভাঁজ অসমীয়া সংস্কৃতিৰ প্ৰতীক । অন্তঃত ৰঙালী বিহুৰ কেইদিনতো যদি হিন্দী গীত নুশুনিলে অসমীয়াৰ ভাত পেটলৈ নাযায় আৰু ৰাতি টোপনি নাহে, তেন্তে ৰঙালী বিহুৰ নামটো সলাই কিবা আমোদ-প্ৰমোদৰ উৎসৱ কৰি লওঁক, কিন্ত্ত ঈশ্বৰৰ দোহাই তাক বিহু বুলি নকব ।"

বিহু এটি নিৰ্দিষ্ট ভাষা ভিত্তিক অনুষ্ঠান, ইয়াত খালি বৃহত্তৰ অসমীয়া ভাষা জনগোষ্ঠীবোৰেহে প্ৰাধান্য পাব লাগে  । ইয়াত অসমৰ বাহিৰৰ অইন ভাষা সুমুৱাবৰ দৰকাৰতো কি ? হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা হলেও, সি নিৰ্দিষ্ট স্হানত আছে, এই ভাষাক হীন কৰাৰ কথা কোৱা নাই, খালি অসমীয়া ভাষাটোক প্ৰাধান্য দিবলৈহে কোৱা হৈছে । 

ৰঙালী বিহুৰ চাঁন্দা লওতে, বহিৰাগতৰ পৰা লোৱা হয় । ল'বই লাগিব । অসমীয়াৰ প্ৰাণৰ বিহুৰ নামত সেইসকল লোকে আমাৰ অসমীয়া সংস্কৃতিবোৰ পালন কৰিবলৈ দান-বৰঙণি দিয়াতো উচিত । সিঁহতবোৰে অসমত উপাৰ্জন কৰি খাই থকা নাই জানো । গতিকে অসমৰ অনুষ্ঠানৰ নামত অকণমান বৰঙণি দিলেই যেনিবা তাত কবলগীয়া কি ? আমিবোৰো অসমৰ বাহিৰত থাকিলে সেই ঠাই উৎসৱ বোৰৰ নামত দান বৰঙণি দিব লাগিব । তেনে স্হলত সেই ঠাইৰ উৎসৱ বোৰত অসমীয়া গীত পৰিবেশন কৰিব নেকি ?

ৰঙালী বিহুৰ সাজ-পোচাক- সকলো অনুষ্ঠান, সংস্কৃতিৰ কিছুমান নিজস্ব জাতীয় পোচাক, নিয়ম নীতি আদি আছে । ৰঙালী বিহু হুচৰী, বিহু নৃত্য ইত্যাদি  পৰিবেশন কৰোতে আমাৰ বিহুৰ জাতীয় পোচাক পৰিধান কৰিবই লাগিব । সেই বুলি যিকোনো অসমীয়া গীত-মাত ইত্যাদি পৰিবেশন কৰিলেই এযোৰ নিৰ্দিষ্ট পোচাক পিন্ধিব লাগিব বুলি মই নাভাবো । এইবোৰ কিছু এৰা-ধৰা কৰিবই লাগিব । কিন্ত্ত বিহুৰ প্ৰধান ভেটিতো সলনি হব দিব নালাগিব ।

আমাৰ কিছুমান অসমীয়াই আক' , কিমান যে প্ৰচাৰ চলালে, মাৰোৱাৰীৰ কাপোৰ(গামোচা), নেপালীৰ দৈ ........ আৰু যে কত কি । চিঃ, নিজকে লাজ লাগে । অসমীয়াৰ বিৰূদ্ধে অসমীয়াৰ নিৰ্লজ প্ৰচাৰ । বহিৰাগত সকলে এই প্ৰচাৰ লক্ষ্য কৰি আছে । হেৰৌ, আমাৰ অসমত যিহেতু উদ্যোগৰ সংখ্যা তেনেই নগণ্য, ইয়াত আমি সিংহভাগ বস্ত্তয়েই অসমৰ বাহিৰৰ পৰা আমদানি কৰিব লগা হয় । সেইবুলি আমি নাঙঠ হৈ থাকিবতো নোৱাৰো । সেইবুলি আমি অসমীয়া লিখা - পঢ়া, আমাৰ নিজস্বতা বাদ দি দিম নেকি ? আমি বাহিৰৰ পৰা অহা বস্ত্তবোৰ উপযুক্ত মূল্য দি ক্ৰয় কৰি লোৱা নাই জানো । এইবোৰৰ বাবে দায়ী সেই উক্ত বাৰ্তা লিখা আৰু সেইবোৰ প্ৰচাৰত আগভাগ লোৱা কেইজনেই বুলি ভাবো । সেই বাৰ্তাবোৰ লিখি খৰছ কৰা সময় খিনি কোনো উদ্যোগ এটা গঠনত চিন্তা কৰা হলে ভাল হলহেঁতেন ।

( মনত খুন্দিয়াই থকা বাবেহে কথা খিনি লিখিলোঁ, কোনেওঁ বেয়া ভাবেৰে নেচাব আৰু কথাবোৰ জুকিয়াই চাব )


ৰঙালী বিহুৰ শুভেচ্ছা/Wishes


🌷🌷আমাৰ অন্য শিতানসমূহ🌷🌷






(Facebook ত LIKE আৰু SHARE কৰিব)

Comments

  1. ৰঙালী বিহুৰ অনুষ্ঠানত হিন্দী গীত পৰিৱেশন" এই সম্পৰ্কে এটা লেখাত বিশিষ্ট বুদ্ধিজীৱী হোমেন বৰগোহাঁঞী দেৱে কৈছে যে, "ৰঙালী বিহুৰ অনুষ্ঠানত হিন্দী গীত অকল ক্ষণস্হায়ী আনন্দৰ খোৰাক দিবলৈ পৰিৱেশন কৰা হয় । আৰু এনে কাৰ্য্যৰ দ্বাৰা ৰঙালী বিহুক কলুষিত কৰা হয় ।

    ReplyDelete

Post a Comment

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Assamese Quotes on Life - Assamese Facebook status for Life

Fun Fun - Funny Images - in Assamese

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese