[Assamese] Liquor Is Bad For Health And Addictive But Why Is It Available For Army, Not Banned ? There Are Some Reasons

[Assamese] Liquor Is Bad For Health And Addictive But Why Is It Available For Army, Not Banned ? There Are Some Reasons - নিচাযুক্ত পনীয় মানৱ জীৱনৰ স্বাস্হ্যৰ বাবে ক্ষতিকাৰক । আমাৰ ভাৰতৰ আৰ্মী আৰু বিএচএফ জোৱান সকলৰ এই পনীয় সেৱনত কিয় বাধা নাই ?

- এই লেখাত আমি কিছুমান সাধাৰণতে নজনা কথা আৰু কিছু জানিবলগীয়া কথা আলোচনা কৰিম -



you may know in Assamese
আপুনি জানেনে?



আমি সকলোৱে জানো যে, আমাৰ ভাৰতীয় আৰ্মী ( Indian Army ) আৰু লগতে ভাৰতীয় বিএচএফ ( Indian BSF ) জোৱান সকলে সকলো সময়তে বহু কঠিন পৰিস্হিতিত নিয়মানুবৰ্তিতাৰে কৰ্ম কৰি থাকে । তেওঁলোকে অনবৰতে জনসাধাৰণ আৰু আমাৰ দেশৰ সীমান্ত ৰক্ষা কৰাত ব্যস্ত হৈ থাকে । সেই গতিকে তেওঁলোকে নিজৰ সু স্বাস্হ্য বৰ্তাই ৰখাৰ লগতে মনৰ উদ্যমো ৰাখিব লাগে ।


নিচাযুক্ত পনীয় ( Alcoholic Drinks ) মানৱ জীৱনৰ স্বাস্হ্যৰ বাবে ক্ষতিকাৰক । কিন্ত্ত তৎসত্বেও আমাৰ ভাৰতৰ আৰ্মী ( Army ) আৰু বিএচএফ ( BSF ) জোৱান সকলৰ বাবে এই পনীয় সেৱনত কিয় বাধা আৰোপ কৰা নহয় ?





আৰু ওলোটাকৈ তেওঁলোকক নিচাযুক্ত পনীয় সাধাৰণ মানুহতকৈ অধিক সুলভ মূল্যতহে যোগান ধৰা হয় । ই এক জানিবলগীয়া কথা


আপুনি জানেনে ? কিয় স্বাস্হ্যৰ কথাক আওকাণ কৰি তেওঁলোকক এই ধৰণৰ পনীয় সেৱন কৰিবলৈ দিয়া হয় ?


you may know in Assamese


There Are Many Reasons For That, Wine 
Liquor Is Bad For Health And Addictive But Why Is It Available For Army, Not Banned ? 


এই কথাৰ আঁৰত বহু কাৰণ জড়িত হৈ আছে । আঁহক আমি সেই সাধাৰণতে নজনা কথা / কাৰণবোৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ ।


১) ইয়াৰ একেবাৰে প্ৰথম আৰু প্ৰকৃত কাৰণ হৈছে, তেওঁলোকৰ কৰ্মৰ পৰিস্হিতি । আমাৰ সন্মানীয় আৰ্মী জোৱান সকলে সঁচাকৈ অতি কঠিন পৰিস্হিতি আৰু বিভিন্ন বাতাবৰণত কৰ্ম জীৱন চলাই নিব লগা হয় । আমাৰ দেশৰ আটাইতকৈ ঠাণ্ডা ঠাই, পাহাৰ, শিখৰ বোৰত দিন ৰাতি একাকাৰ কৰি তেওঁলোকে জণসাধাৰণ আৰু দেশৰ সীমান্ত সুৰক্ষাৰ কামত ব্ৰতি হৈ থাকিব লগা হয় । যিবোৰ ঠাইত আমাৰ সাধাৰণ মানুহে বেছি সময় তিষ্ঠি থাকিব নোৱাৰে, তেনেকুৱা ঠাইবোৰতো তেওঁলোকে অতি নিষ্ঠাৰে নিজৰ কৰ্ত্তব্য পালন কৰি যায় । তেনে ধৰণৰ অতিকৈ ঠাণ্ডা আৰু কঠিন বাতাবৰণত জোৱান সকলক নিজৰ শৰীৰটো গৰম কৰিবলৈ আৰু লগতে তেনে পৰিস্হিতিৰ লগত মোকাবিলা কৰি তিষ্ঠি থাকিবলৈ এনে ধৰণৰ নিচাযুক্ত পনীয়ৰ দৰকাৰ হৈ পৰে । 


২) আন এটা কাৰণ হৈছে, আৰ্মী ( Army ) আৰু বিএচএফ ( BSF ) জোৱান সকলে নিজৰ পৰিয়ালৰ পৰা দূৰত থাকি আমাৰ সুৰক্ষাৰ কামত ব্যস্ত থাকে । নিজৰ কৰ্ত্তব্য সুচাৰু ৰূপে পালন কৰাৰ পিছত তেওঁলোকে বহুতো অৱসৰ সময় লাভ কৰে । সেইখিনি সময়ত তেওঁলোকে এই ধৰণৰ নিচাযুক্ত পনীয় সেৱন কৰি নিজৰ  সংগী সকলৰ লগত সময় অতিবাহিত কৰে । এনে ধৰণৰ নিচাযুক্ত পনীয়ই মনৰ আৱেগক অইন দিশে লৈ গৈ দেহৰ অৱসাদ দূৰ কৰে ।






৩) আন এটা কাৰণ, বহু আগৰ পৰাই বৃটিচ্ সকলৰ এক নিয়ম আছিল যে, তেওঁলোকৰ প্ৰত্যেকজন আৰ্মী সদস্যকে এটা নিৰ্দিষ্ট পৰিমাণত নিচাযুক্ত পনীয় সেৱন কৰিবলৈ দিয়া হৈছিল । সেই নিয়মটোৱেই শেষত গৈ আমাৰ ভাৰতীয় আৰ্মী সকলে অনুকৰণ কৰিলে আৰু তেতিয়াৰ পৰাই ইয়াক এক নিয়ম হিচাপে পালন কৰা হৈ আছে ।


you may know in Assamese


ইয়াৰ অৰ্থ এইটো নহয় যে, তেওঁলোকে যিমান ইচ্ছা সিমান এই পনীয় সেৱন কৰিব পাৰিব । ইয়াক এক নিৰ্দিষ্ট পৰিমাণতহে সেৱন কৰিবলৈ দিয় হয়, বিশেষকৈ কৰ্ত্তব্যৰত অৱস্হাত । ইয়াৰ বাবে উপযুক্ত তথ্য লৈ থকা হয় । কোনোবাই ইয়াৰ বিপৰীতে কৰিলে তেওঁৰ ওপৰত যথোপযুক্ত ব্যৱস্হা লোৱা হয় । কিন্ত্ত আমাৰ ভাৰতীয় আৰ্মী ( Army ) আৰু বিএচএফ ( BSF ) জোৱান সকলে সকলো নিয়ম সুদক্ষতাৰে পালন কৰি যায় । 



(শেষত, আমাৰ ভাৰতীয় আৰ্মী আৰু বিএচএফ জোৱান সকলক ধন্যবাদ জনালোঁ )


( Facebook  ত অামাক পাব, Like আৰু Share কৰিবলৈ নাপাহৰিব )

🍁🍁🍁 - চাওঁক - 🍁🍁🍁

Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese