[Assamese] How Much Do People Secretly Dislike You As You Don't Know ? - Social Personality Test in Assamese

কিছুমান মানুহে আপোনাক বেয়া পায় নেকি?, Social Personality Test In Assamese : আমি মানুহবোৰ হৈছো সমাজপ্ৰিয় । কোনো সুস্হ মস্তিষ্কৰ মানুহে সমাজৰ লগত মিলি-জুলি নথকাকৈ জীৱন-যাপন কৰিব নোৱাৰে । সমাজৰ একাষৰীয়াকৈ আমাৰ জীৱন একপ্ৰকাৰ অশাৰ । 

আমি দৈনন্দিন জীৱনৰ সকলো কাম-কাজ অকলে কৰাতো সম্ভৱপৰ নহয় । আমাক বিভিন্ন কাম-কাজৰ ক্ষেত্ৰত সততে আনৰ প্ৰয়োজন হয় । আৰু তেতিয়া আমাক দৰকাৰ হয় আমাৰ ওচৰ-চুবুৰীয়া, আত্মীয়-কুটুম্ ,বন্ধু-বৰ্গ আৰু বিভিন্ন জনৰ । 

এই সকলোৰে লগত সমিল-মিল ঘটায় বাস কৰাটো হ'ল, সমাজ বা সমাজৰ অংগ । 

কিন্ত্ত কেতিয়াবা কিছুমান পৰিস্হিতিত আকৌ এই ওচৰ-চুবুৰীয়া, আত্মীয়-কুটুম্ ,বন্ধু-বৰ্গ আৰু বিভিন্ন জনৰ পৰাই আমি দুখ, কষ্ট কিম্বা প্ৰতাৰণা ভোগ কৰিব লগা হয় । 

আমি সকলোৱে আমাৰ জীৱনত কোনো ধৰণৰ অবাঞ্চিত পৰিস্হিতিৰ যাতে উদ্ভৱ নহয়, তাৰ বাবে চেষ্টা কৰি থাকো ।

কিন্ত্ত কেতিয়াবা ইয়াৰ হিতে বিপৰীত হোৱা দেখা যায় । কাৰণ, এই পৃথিৱীৰ সৃষ্টিত বিভিন্ন ব্যক্তিৰ সংমিশ্ৰণ হৈ আছে । যাৰ বাবে কেতিয়াবা আমি নিবিচৰা কিবা এটা আমাৰ ক্ষেত্ৰত হৈ উঠে ।

Social Personality Test in Assamese


এই সামাজিক ৰীতি-নীতি আদিৰ মাজত থাকি পেলায় আমিনো আনৰ চকুত কি, আনে বা আমাৰ বিষয়ে কি ভাৱে, সেইটো ভাৱিবলৈ আহৰি নাপাওঁ ।

আপুনি জানেনে How Much Do People Secretly Dislike You ( আপুনি নজনাকৈ কিছুমান মানুহে আপোনাক কিমান শতাংশ বেয়া পায় থাকে, যিতো আপোনাৰ চকুত ধৰা নপৰাকৈ থাকে )

আঁহক আমি এই লেখাৰ জৰিয়তে আনে আপোনাক কি ধৰণে চায়, আপোনাৰ প্ৰতি আনৰ ভাৱ-ধাৰা কি, সেই বিষয়ে আলোচনা কৰোঁ ।

ইয়াত আপুনি আনৰ ওপৰত আপোনাৰ নিজৰ সামাজিক প্ৰভাৱ কেনে, সেই বিষয়ে এক ধৰণৰ বাখ্যা পাব ।



এইটো কৰিবলৈ আপুনি এটা "Social Personality Test in Assamese" প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব । ইয়াৰ জৰিয়তে আপুনি আপোনাৰ জীৱনৰ কাৰ্য্যক্ৰমণিকাৰ ভিতৰত থকা ১০ টা প্ৰশ্নৰ সঠিক উত্তৰ দিব লাগিব ।

প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰৰ বিপৰীতে কিছুমান নম্বৰ (points) ধাৰ্য্য কৰা হৈছে । সেই নম্বৰ (points) বোৰ আপোনাৰ উত্তৰ অনুযায়ী এখন কাগজত লিখি যাওঁক ।

শেষত সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ পিছত, তাৰ বিপৰীতে থকা নম্বৰবোৰ একাদিক্ৰমে লিখি যোগ কৰি লওঁক । 

আৰু সকলো নম্বৰ যোগ কৰাৰ পিছত পোৱা মুঠ সংখ্যাটো লক্ষ্য কৰক । উক্ত সংখ্যাটো তলত থকা নিৰ্দিষ্ট কিছুমান নম্বৰ শৃঙ্খলৰ গণ্ডীৰ ভিতৰত পৰিলে আপুনি তাৰ বিপৰীতে আপোনাৰ বিষয়ে বৰ্ণনা থকা ৰ্নিৰ্দিষ্ট ফলাফলটো পাব ।

Social Personality Test in Assamese


আঁহক এতিয়া আমি প্ৰশ্নৰ শিতান সমূহ আৰম্ভ কৰোঁহক :-

[1] আপুনি পিছমুৱা হোৱাৰ লগে লগে মানুহবোৰে আপোনাৰ কথা আলোচনা কৰে নেকি?

(A) মই সঠিক নাজানো কিন্ত্ত মই ভাবো তেনেকুৱা নকৰে
(B) মই সঠিক নাজানো কিন্ত্ত মই ভাবো তেনেকুৱা কৰিব পাৰে
(C) নকৰে, মই ভালদৰে জানো
(D) মই জানো, নিশ্চয় আলোচনা কৰে
(E) হব পাৰে, মই নিৰ্দিষ্টকৈ কব নোৱাৰো

উত্তৰৰ বিপৰীতে থকা নম্বৰ (Points) সমূহ :-
(A) 4
(B) 2
(C) 5
(D) 1
(E) 3

[2] আপোনাৰ বিষয়ে কোনোবাই আলোচনা কৰিলে আপুনি কিবা চিন্তা কৰে নেকি?

(A) মই জানো যে, মোৰ বিষয়ে কোনেও আলোচনা নকৰে, গতিকে চিন্তা কৰাৰ প্ৰশ্নই নুঠে
(B) কোনো চিন্তা নকৰোঁ
(C) হয় কৰোঁ, কিন্ত্ত কি বিষয়ত কৈছে আৰু কোনে কৈছে, সেইটো নিৰ্ভৰ কৰে

উত্তৰৰ বিপৰীতে থকা নম্বৰ (Points) সমূহ :-
(A) 5
(B) 1
(C) 3

[3] ৰাজনৈতিকভাৱে আপুনি কিমান শুদ্ধ ?

(A) একেবাৰে শুদ্ধ
(B) অলপ-অচৰপ্
(C) একেবাৰে শুদ্ধ নহয়

উত্তৰৰ বিপৰীতে থকা নম্বৰ (Points) সমূহ :-
(A) 5
(B) 3
(C) 1

[4] আপুনি আপোনাৰ ফটোবোৰ কেনেদৰে Social Media ত প্ৰকাশ কৰে?

(A) প্ৰত্যেক দিনাখন ১ খন ফটো
(B) দৈনিক এখনতকৈ বেছি ফটো
(C) একেবাৰে কম, কেতিয়াবা হঠাৎ মন গলেহে কৰোঁ
(D) যেতিয়া মোৰ ফটোবোৰ উৎকৃষ্ট হোৱা যেন অনুভৱ কৰোঁ
(E) কেতিয়াওঁ নকৰোঁ

উত্তৰৰ বিপৰীতে থকা নম্বৰ (Points) সমূহ :-
(A) 2
(B) 1
(C) 4
(D) 3
(E)  5

[5] আপুনি ভাৱেনে যে, আপোনাৰ প্ৰায়বোৰ বিষয়ৰ ওপৰতে আপোনাৰ জ্ঞান আছে ?

(A) নাই, মই প্ৰায়বোৰ বিষয়ৰ ওপৰত সম্যক ধাৰণাহে আছে
(B) নিশ্চয়, মই এখন মুক্ত কিতাপৰ দৰে, প্ৰায়বোৰ বিষয়েই জানো
(C) নাই, মোৰ নিজৰ বিষয়বোৰ সম্পৰ্কেহে জানো

উত্তৰৰ বিপৰীতে থকা নম্বৰ (Points) সমূহ :-
(A) 5
(B) 1
(C) 3

[6] আপুনি কেতিয়াবা কেতিয়াবা কিছুমান নিৰ্দিষ্ট বিষয়ৰ জ্ঞান আনক শিকায় নেকি?

(A) ওহো, মই মোৰ শিক্ষা আনক নজনাওঁ
(B) হয়, এইটো মই খুবেই দৰকাৰ বুলি ভাবো
(C) মই নাভাবো, এনে কৰিব গলে ওলোটাকৈ আনেহে মোক শিকাব ধৰে
(D) হঠাৎ কেতিয়াবা
(E) কিবা মনোগ্ৰাহী বিষয়ৰ ক্ষেত্ৰতহে তেনে কৰোঁ

উত্তৰৰ বিপৰীতে থকা নম্বৰ (Points) সমূহ :-
(A) 1
(B) 2
(C) 5
(D) 3
(E) 4

[7] বৰ্তমান চলিত ধাৰা (Trends)ত আপুনি নিজকে আনতকৈ ওপৰত থকা বুলি ভাৱে নেকি?

(A) হয় ভা‍ৱো, কিন্ত্ত কিছুমান ক্ষেত্ৰতহে
(B) একেবাৰে নাভাৱো
(C) নিশ্চয় ভাৱো

উত্তৰৰ বিপৰীতে থকা নম্বৰ (Points) সমূহ :-
(A) 3
(B) 5
(C) 1


[8] আপোনাৰ কোনো বস্ত্ত যদি আনে আপোনাক নোসোধাকৈ লৈ পেলায়, তেতিয়া আপোনাৰ প্ৰতিক্ৰিয়া কেনে হয়?

(A) মই কোনো বেয়া নাপাওঁ
(B) মোৰ খুব খং উঠে
(C) মই ভাল নাপাওঁ, কিন্ত্ত খং নকৰোঁ

উত্তৰৰ বিপৰীতে থকা নম্বৰ (Points) সমূহ :-
(A) 5
(B) 1
(C) 3

[9] কাৰোবাক কোনো সহায়ৰ প্ৰয়োজন হ'লে, আপুনি সহায় কৰিবলৈ মন কৰেনে?

(A) নকৰোঁ
(B) কৰোঁ
(C) হয় কৰোঁ, কিন্ত্ত মই ভালপোৱা জনকহে

উত্তৰৰ বিপৰীতে থকা নম্বৰ (Points) সমূহ :-
(A) 3
(B) 5
(C) 1


[10] আপোনাৰ আত্মীয় বা বন্ধুবোৰে যদি কোনো বিষয়ত আপোনাৰ লগত একমত নহয়, তেতিয়া আপোনাৰ প্ৰতিক্ৰিয়া কেনে হয়?

(A) মই তেওঁলোকক পতিয়ন নিয়াবলৈ যত্ন কৰোঁ
(B) মই নিৰ্দিষ্ট বিষয়টো সম্পৰ্কে বিভিন্ন যুক্তি দৰ্শাবলৈ চেষ্টা কৰোঁ
(C) মই তেওঁলোকে যি ভাৱে ভাৱি থাকিবলৈ এৰি দিওঁ

উত্তৰৰ বিপৰীতে থকা নম্বৰ (Points) সমূহ :-
(A) 1
(B) 5
(C) 3.




ফলাফল সমূহ :-

(মুঠ সংখ্যা 44 তকৈ বেছি)

Dislike % = 5 % 
সত্য কথাত কবলৈ গলে আপুনি নিঁখুত । আপুনি মানুহৰ সৈতে কেনেকৈ  যোগাযোগ ৰাখিব লাগে সেইটো ভালদৰে জানে । আপুনি আনৰ প্ৰয়োজনবোৰ বুজি পায় আৰু সেইবোৰ অতি ভালকৈ তেওঁলোকক বুজাই দিব পাৰে । আপুনি বৰ অমায়িক । অাপোনাৰ ওচৰে-পাঁজৰে থকা সকলক আপুনি লক্ষ্য কৰি থাকে । আপুনি আনৰ প্ৰয়োজনৰ সময়ত সহায় কৰিবলৈ ৰাজী থাকে । লুকাই ৰখা স্বভাৱ আপোনাৰ নাই । কিছুমানে আপোনাৰ ভাৱ-ভংঙ্গীবোৰ পটকে ধৰিব নোৱাৰে, কিন্ত্ত পিছত গৈহে তেওঁলোকে বুজি পায় যে আপোনাৰ মনোভাৱ একেবাৰে আঁচল আৰু প্ৰকৃত ।

(মুঠ সংখ্যা 36 ৰ পৰা 44 ৰ ভিতৰত)
Dislike % = 25 %
আপোনাৰ বুজা-পৰা আছে । আপুনি অনবৰতে উপযুক্ত দিশ সমূহতহে গুৰুত্ব দিবলৈ প্ৰয়াস কৰি থাকে । আপোনাৰ সংগ পাই আনে সকাহ পায় । আপোনাৰ চিন্তা-ধাৰা গঠনমূলক, সেইবোৰ চিন্তাৰ ক্ষেত্ৰত আপোনাৰ দক্ষতা আছে । আপোনাৰ মনোভাৱ যুক্তি-যুক্ততাৰে পৰিপূৰ্ণ, আৱেগৰে নহয় । আনৰ সফলতাৰ বাবে নিজৰ আৱেগক আপুনি প্ৰকাশ পাবলৈ নিদিয়ে । আপুনি নিৰ্দিষ্ট বিষয় সম্পৰ্কে যি উচিত সেইটোহে কৰে আৰু সেই গতিকে আপোনাক কিছুমানে অকণমান বেয়া ধৰণে ভাৱে, কিন্ত্ত আপুনি সেইবোৰ গুৰুত্ব নিদিয়ে । আপুনি আনৰ চিন্তা কৰে, কিন্ত্ত নিজক পাহৰি নাযাব ।

(মুঠ সংখ্যা 27 ৰ পৰা 35 ৰ ভিতৰত)
Dislike % = 50 %
আপুনি নিজৰ আৰু আনৰ আশা-প্ৰত্যাশাৰ মাজৰ শ্রেণীবিভাজন কৰোতে অসুবিধা পায় । আৰু যাৰ বাবে অইনৰ লগত আপোনাৰ কিছু ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়, কিন্ত্ত ই স্বাভাৱিক । নিজৰ আৰু আনৰ আশা-প্ৰত্যাশা আপোনাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান । অইন মানুহে আপোনাক বুজি পোৱাত কিছু অসুবিধা পায়, আপোনাৰ অস্হিৰতাক তেওঁলোকে ভাল নাপায় । কিন্ত্ত চিন্তা নকৰিব এনে হোৱা ব্যক্তি অকল আপুনিয়েই নহয় । এই পৰিস্হিতিৰ বাবে আপোনাৰ লগত নিশ্চয় কিছুমান কাৰণ আৰু যুক্তি থাকিব । গতিকে আপুনি সেই কাৰণ আৰু যুক্তিবোৰ আনক বুজাই দিয়ক । তেতিয়া আপোনাক সকলোৱে বুজিব ধৰিব ।


(মুঠ সংখ্যা 18 ৰ পৰা 26 ৰ ভিতৰত)

Dislike % = 75 %
আপুনি এক শক্তিশালী আৰু আত্মবিশ্বাসী ব্যক্তি । আপুনি আনৰ চিন্তা যে নকৰে এনে নহয়, কিন্ত্ত আপোনাৰ নিজৰ একান্ত প্ৰয়োজনীয়তাৰ বিষয়েহে আপুনি প্ৰথমতে ভাৱে, তাৰ পিছতহে আনৰ । আপুনি চিধা-চিধিকৈ সঠিক কথা কৈ ভাল পায় । কৃত্তিমতা ভাল নাপায় । আৰু এই মনোভাৱে আপোনাক নিজৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে । কিছুমানে আপোনাৰ লগত নিৰাপত্তাহীনতাত ভোগে । আপুনি তেওঁলোকৰ সেই অৱস্হাৰ বিষয়ে বুজি লৈ কাৰ্য্য কৰা উচিত ।

(মুঠ সংখ্যা 10 ৰ পৰা 17 ৰ ভিতৰত)
Dislike % = More Than 75 %
আপুনি সদায় নিজক লৈয়ে ব্যস্ত । অৱশ্যে সেইটো একেবাৰে বেয়া নহয় । আমাৰ জীৱনৰ সুখ-দুখৰ বাবে দায়ী আমি নিজেই । আপুনি কি বিচাৰে আৰু কি কৰিব, সেইটোৰ ওপৰত আপোনাৰ গুৰুত্ব অধিক । আপোনি লোৱা সিদ্ধান্তই কেতিয়াবা অইনক অসুবিধাত পেলাব পাৰে । তেওঁলোকৰ আশা-প্ৰত্যাশাবোৰ আপুনি উপেক্ষা কৰাৰ বাবে তেওঁলোকে আপোনাক ভাল নাপায় । এই বিষয়ে আপুনি শীতল মস্তিষ্কৰে ভৱাতো উচিত ।

(Please consider that this test main goal is to have fun. It is not based on psychological - intelectual research. এই পৰীক্ষাতো কেৱল আপোনাৰ সামাজিক জীৱনৰ পৰা পোৱা বিভিন্ন প্ৰতিক্ৰিয়াৰ বিষয়ে এটা ধেমেলীয়া বাখ্যাহে । এইটো কোনো ধৰণৰ বৈজ্ঞানিক ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰি বনোৱা হোৱা নাই । ইয়াত আপোনাৰ সামাজিক জীৱনৰ বিষয়ে এটা সম্যক ধাৰণা পাব । আৰু প্ৰয়োজন সাপেক্ষে আপুনি আপোনাৰ বেয়া দিশ সমূহৰ শুধৰণি কৰি লৈ আপোনাৰ ব্যক্তিত্ব উজলাই তুলিবলৈ সুবিধা পাব )

চাওঁক 👉👉👉



(Facebook ত LIKE আৰু SHARE কৰিব)


Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Assamese Quotes on Life - Assamese Facebook status for Life

Fun Fun - Funny Images - in Assamese

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese