[Assamese] How To Get A Girls 10 Digit Phone Number With A Maths Tricks - [Assamese] How To Find Any Girls Mobile Number

Today we are going to discuss about How To Get A Girls 10 Digit Phone Number With A Maths Tricks - আজি আমি এই লেখাত আলোচনা কৰিম, ধুনীয়া ছোৱালীৰ মোবাইল নম্বৰ কেনেকৈ উলিয়াই লব পাৰি with A Assamese Tips And Tricks?

How To Find Any Girls Mobile Number -

অংকশাস্ত্ৰৰ সহায়ত আমি বহু ধৰণৰ কিটিপ (tricks) কৰিব পাৰো । আপুনি কাৰোবাক কিছুমান নিৰ্দিষ্ট নিৰ্দ্দেশনা (instructions) আৰু গণনা কৰিবলৈ দি এনেকুৱা ধৰণৰ অংকৰ কিটিপ (math tricks) কৰিব পাৰে । আৰু এনেকুৱা কাৰ্য্যৰ সহায়ত আপুনি আপোনাৰ বন্ধুসকলক চমক খুওৱাব পাৰিব । এই অংকৰ কিটিপ (math tricks) সমূহ কৰিবলৈ আপুনি নিৰ্দ্দেশনাসমূহ ভালকৈ জানি লোৱা উচিত । তেতিয়াহে ই নিখুত উত্তৰ দাঙি ধৰিব । অন্যথা ইয়াৰ ফলাফল ভুল হৈ ৰ'ব । এই লেখাটোত আজি এনে ধৰণৰ ৩ টা অসমীয়া অংকৰ কিটিপ (assamese tips and tricks) আগবঢ়োৱা হৈছে । 

প্ৰথম (Assamese) Math Tricks:-

কোনো ছোৱালীৰ ১০ টা সংখ্যাৰ মোবাইল নম্বৰ কেনেকৈ উলিয়াই ল'ব পাৰি ?

[Assamese] How To Get A Girls 10 Digit Phone Number With A Maths Tricks


প্ৰথমতে আপুনি আপোনাৰ বান্ধৱীক এটা সৰু খেল খেলিবলৈ ৰাজী কৰাই ল'ব লাগিব । আৰু  নহলে আপুনি তাইক কব লাগিব যে, "মই এটা যাদুৰ কিটিপ্ দেখুৱাম, মই কোৱা মতে কৰি যোৱা ।"

এই কিটিপটো কৰোতে আপোনাক এটা কেলকুলেটৰৰ প্ৰয়োজন হব । আপোনাৰ মোবাইলত থকা কেলকুলেটৰটোৰ সহায়তো এইটো কৰিব পাৰে । লগত এটা কলম আৰু এখিলা কাগজ লওঁক ।

এতিয়া আপুনি যাদৃচ্ছিকভাৱে (randomly) ১০টা সংখ্যাৰ মোবাইল নম্বৰৰ ৭টা কাগজখনত লিখি লৈ কাগজখন কেইবাটাও ভাঁজ দি ভালকৈ জাপি ওচৰত থৈ দিয়ক আৰু সেই কাগজ খনত কি লিখা আছে কাকো চাবলৈ নিদিব । এতিয়া আপোনাৰ বান্ধৱীক কওঁক যে, আপুনি তাইৰ মোবাইল নম্বৰটো কাগজখনত লিখিলে বুলি । তাৰ পিছত তাইক কেলকুলেটৰত তাইৰ মোবাইল নম্বৰৰ প্ৰথম ৩টা সংখ্যা লিখিবলৈ কওঁক । আৰু কওঁক তাই কি লিখি আছে সেইটো যাতে আপুনি দেখা নাপায় । আৰু লগতে আপোনাৰ এজন বন্ধুক তাই যাতে গোটেই প্ৰক্ৰিয়াটো কৰোঁতে কোনো ভুল নকলে সেইটো পৰীক্ষা কৰি থাকিবলৈ দিয়ক । এইবাৰ তলত দিয়া ধৰণে সমগ্ৰ প্ৰক্ৰিয়াটো কৰি থাকিবলৈ দিয়ক :-

১) মোবাইলৰ নম্বৰৰ প্ৰথম ৩টা সংখ্যাৰ লগত ১২৫ পূৰণ কৰক
২) এতিয়া পোৱা সংখ্যাটোৰ সতে ১৬ পূৰণ কৰক
৩) মোবাইলৰ নম্বৰৰ প্ৰথম ৩টা সংখ্যাৰ পিছৰ ৩টা সংখ্যা যোগ দিয়ক
৪) আকৌ এবাৰ মোবাইলৰ নম্বৰৰ প্ৰথম ৩টা সংখ্যাৰ পিছৰ ৩টা সংখ্যা যোগ দিয়ক
৫) এতিয়া পোৱা সংখ্যাটোৰ সতে ৮০ পূৰণ কৰক
৬) ১ যোগ কৰক
৭) এতিয়া পোৱা সংখ্যাটোৰ সতে ২৫০ পূৰণ কৰক
৮) তাৰ লগত মোবাইলৰ নম্বৰৰ শেষৰ ৪টা সংখ্যা যোগ দিয়ক
৯) আকৌ মোবাইলৰ নম্বৰৰ শেষৰ ৪টা সংখ্যা যোগ দিয়ক
১০) আকৌ এবাৰ মোবাইলৰ নম্বৰৰ শেষৰ ৪টা সংখ্যা যোগ দিয়ক
১১) শেষত আকৌ এবাৰ মোবাইলৰ নম্বৰৰ শেষৰ ৪টা সংখ্যা যোগ দিয়ক
১২) এতিয়া পোৱা উত্তৰটোৰ পৰা ২৫০ বিয়োগ কৰক

  • Write the first 3 digits of mobile number,
  • Multiply by 125,
  • Multiply by 16,
  • Add next 3 digits of mobile number,
  • Add next 3 digits of number again,
  • Multiply by 80,
  • Add 1,
  • Multiply by 250,
  • Add last 4 digits of number,
  • Add last 4 digits again,
  • Add last 4 digits once again,
  • Add last 4 digits one more time,
  • Subtract 250.




এইখিনি কৰি হৈ উঠাৰ পিছত, আপুনি প্ৰথমতে লিখি থৈ ৰখা কাগজখন উলিয়াওক আৰু তাইৰ হাতৰ পৰা কেলকুলেটৰটো আপুনি লৈ লওঁক । এতিয়া কেলকুলেটৰত থকা নম্বৰ কেইটা কাগজখনত লিখি লৈ কিবা এটা এনেই হিচাপ কৰা দেখুৱাই আগতে লিখি থোৱা ৭টা সংখ্যাৰ পিছৰ ৩টা সংখ্যা যাদৃচ্ছিকভাৱে (randomly) লিখি উক্ত নম্বৰটো তাইৰ মোবাইল নম্বৰ হয়নে নহয় সোধক । যিহেতু আপুনি মোবাইল নম্বৰটো এনেই লিখিছে, গতিকে এইটো তাইৰ মোবাইল নম্বৰ নহয় বুলি কোৱাটোৱেই স্বাভাৱিক । তেতিয়া আপুনি অলপ দুষ্টালীৰে কওঁক কিবা এটা নিশ্চয় ভুল হল । আপোনাৰ প্ৰধান উদ্দেশ্য সফল হ'ল যেতিয়া, সেইবোৰ ভাবি লাভ নাই । 

আপুনি সমগ্ৰ প্ৰক্ৰিয়াটো কৰাৰ পিছত আপোনাৰ বান্ধৱীৰ কেলকুলেটৰৰ পৰা কাগজখনত লিখি লোৱা নম্বৰটো পিছত ৪ৰে হৰণ কৰি ল'ব, যিটো হ'ব আপোনাৰ বান্ধৱীৰ মোবাইল নম্বৰ ।

(এই maths tricks টো কেৱল ধেমালিৰ ভাৱেৰে দিয়া হৈছে । কোনোৱে এই assamese tips and  tricks টো কৰি ইয়াৰ অপব্যৱহাৰ (misuse) নকৰে যেন)
                                    ...........

দ্বিতীয় (Assamese) Math Tricks:-

আনৰ জন্ম তাৰিখ আৰু মাহতো তেওঁ নজনালেওঁ আপুনি কেনেকৈ কৈ দিব পাৰিব? - assamese tips and tricks - maths tricks in Assamese 


[Assamese] How To Get A Girls 10 Digit Phone Number With A Maths Tricks


১) প্ৰথমতে নম্বৰ ৭ লিখক
২) আপোনাৰ জন্ম মাহটোৰে পূৰণ কৰক
৩) ১ বিয়োগ কৰক
৪) ১৩ ৰে পূৰণ কৰক
৫) জন্ম তাৰিখটো যোগ কৰক
৬) আকৌ ৩ যোগ কৰক
৭) এইবাৰ ১১ ৰে পূৰণ কৰক
৮) আপোনাৰ জন্ম মাহটো বিয়োগ কৰক
৯) আপোনাৰ জন্ম তাৰিখটো বিয়োগ কৰক
১০) ১০ ৰে হৰণ কৰক
১১) ১১ যোগ দিয়ক
১২) শেষত ১০০ ৰে হৰণ কৰক ।

এতিয়া আমি পোৱা নম্বৰটোৰ দশমিকৰ আগৰ সংখ্যাটো হব, জন্মমাহ আৰু দশমিকৰ পিছৰ সংখ্যা দুটা হব জন্ম তাৰিখ ।
                                    



তৃতীয় (Assamese) Math Tricks:-

How to Do a Number Trick to Guess Someone's Age - আনৰ বয়স তেওঁ নজনালেওঁ আপুনি  কৈ দিব পৰা tricks

[Assamese] How To Get A Girls 10 Digit Phone Number With A Maths Tricks


এই কিটিপটো (tricks) কৰিবলৈ তলত দিয়া ধৰণে অনুকৰণ কৰি যাওঁক -

১) প্ৰথমতে আপোনাৰ বন্ধুক ২ৰ পৰা ১০ ৰ ভিতৰত যিকোনো এটা বাচিবলৈ কোৱা । 
উদাহৰণ স্বৰূপে ধৰা হ'ল, আপোনাৰ বন্ধুজনে ৬ নম্বৰটো বাচনি কৰিলে । (এই ৬ নম্বৰটোকে আমি গোটেই প্ৰক্ৰিয়াটোত উদাহৰণ হিচাপে ধৰিম)

২) নম্বৰটোৰ সৈতে ২ পূৰণ কৰক । (এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো আচলতে হাতে হাতে কৰিব পাৰি, প্ৰয়োজন অনুভৱ কৰিলে কেলকুলেটৰ ব্যৱহাৰ কৰিব পাৰিব)। 
উক্ত বাচনি কৰা নম্বৰটো আছিল ৬ । ২ ৰে ইয়াক পূৰণ কৰিলে ৬ x ২ = ১২ হব ।

৩) তাৰ লগত ৫ যোগ কৰক । উদাহৰণ : ১২ + ৫ = ১৭

৪) এতিয়া ওপৰত পোৱা সংখ্যাটো ৫০ ৰে পূৰণ কৰক । উদাহৰণ : ১৭ x ৫০ = ৮৫০ হব ।

৫) এতিয়া আপোনাৰ বন্ধুক কওঁক, যদি এই বছৰত তেওঁৰ জন্মদিন ইতিমধ্যে পাৰ হৈ গেছে ১৭৬৮ । আৰু যদি এই বছৰত তেওঁৰ জন্মদিন পাৰ হৈ যোৱা নাই, জন্মদিন আগন্ত্তক আহিব লগাহে আছে, তেন্তে ১৭৬৮ তকৈ ১ কম ১৭৬৭ যোগ কৰক ।
উদাহৰণ : (ক) ইতিমধ্যে পাৰ হৈ যোৱা জন্মদিনৰ বাবে ১৭৬৮ ধৰিলে, ৮৫০ + ১৭৬৮ = ২৬১৮ হব ।
(খ)ইয়াত আমি আগন্ত্তক আহিব লগা জন্মদিনৰ বাবে ১৭৬৭ ধৰিলো, গতিকে ৮৫০ + ১৭৬৭ = ২৬১৭ হব ।
(টোকা- ২০১৯ চনত গণনাৰ সময়ত ১৭৬৯ আৰু ১৭৬৮, ২০২০ চনত গণনাৰ সময়ত ১৭৭০ আৰু ১৭৬৯ ব্যৱহাৰ কৰিব, আগলৈ একাদিক্ৰমে)

৬) এতিয়া আপোনাৰ বন্ধুক তেওঁৰ আচল জন্মদিনৰ চনটো ওপৰত পোৱা উত্তৰটোৰ পৰা বিয়োগ কৰিবলৈ কওঁক । 
উদাহৰণ : (ক) (বন্ধুজনৰ জন্মদিনৰ চনটো ১৯৮১ ধৰিলে) ২৬১৮ - ১৯৮১ = ৬৩৭
(খ) (বন্ধুজনৰ জন্মদিনৰ চনটো ১৯৮১ ধৰিলে) ২৬১৭ - ১৯৮১ = ৬৩৬ হব ।

৭) এতিয়া পোৱা চুড়ান্ত উত্তৰৰ প্ৰথম সংখ্যাটো হব আপোনাৰ বন্ধুজনে বাচনি কৰা নম্বৰটো । আৰু তাৰ পিছৰ সংখ্যা দুটা হব আপোনাৰ বন্ধুজনৰ বৰ্তমান বয়স । 
উদাহৰণ : (ক) ৬৩৭, ৬ নম্বৰটো হৈছে তেওঁ বাচনি কৰা নম্বৰ আৰু ৩৭ নম্বৰটো হৈছে তেওঁৰ বৰ্তমান বয়স । 
(খ) ৬৩৬, ৬ নম্বৰটো হৈছে তেওঁ বাচনি কৰা নম্বৰ আৰু ৩৬ নম্বৰটো হৈছে তেওঁৰ বৰ্তমান বয়স ।

( আপোনালোকে এই Assamese Tips and Tricks কেইটা নিশ্চয় ভাল পালে । আগলৈ আৰু এনেকুৱা ধৰণৰ Maths Tricks আপোনালোকৰ সন্মুখত ডাঙি ধৰিবলৈ চেষ্টা কৰিম । আপোনালোকে আদৰি ল'ব বুলি আশা থাকিল )


Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese