Funny Assamese Jokes For Facebook & WhatsApp With Some Latest New Assamese Jokes For Your Leisure

Funny Assamese Jokes For Facebook & WhatsApp With Some Latest New Assamese Jokes For Your Leisure / নতুন অসমীয়া জোকস

ৰোগীৰ "ভ্ৰম" (অসমীয়া গাজা)

Patient - ডাক্তৰ চাহাব, মোক বচাওক

Doctor - কওকচোন কি অসুবিধা আপোনাৰ

Patient - চাৰ্, মই পাগলৰ নিচিনা হৈ গৈছো। ৰাতি বিচনাৰ ওপৰত শুব গলে এনে লাগে যেন বিচনাৰ তলত কোনোবা শুই আছে আৰু তেতিয়া বিৰক্ত হৈ
বিচনাৰ তলত শুব গলে এনে লাগে যেন বিচনাৰ ওপৰত কোনোবা শুই আছে। এনেকৈ বিচনাৰ ওপৰত তলত কৰি থাকোতে মোৰ ৰাতিটো পাৰ হৈ যায়!

Doctor - উম্, বুজিব পাৰিচো, আপুনি সপ্তাহত তিনিবাৰ মোৰ তালৈ আহক । চিন্তা নকৰিব ২ মাহৰ ভিতৰত ঠিক হৈ যাব।

Patient - হব চাৰ্, এনেই চাৰ্ আপোনাৰ ভিজিট কিমান?

Doctor - ৩০০ টকা

২ সপ্তাহ পিছত Doctor - Patient মুখা-মুখি

Doctor - কি হল, আপুনি পিছত আৰু নাহিল যে?

Patient - নাই চাৰ্, এজন কাঠমিস্ত্ৰীয়ে মাত্ৰ ৫০টকাতে মোক সমস্যাটোৰ সমাধান কৰি দিলে । আপোনাক সপ্তাহত তিনিবাৰ, প্ৰত্যেকবাৰতে ৩০০ টকা, তাকো দুমাহৰ বাবে কিয় দিবলৈ যাম?

Doctor - কেনেকৈ ?

Patient - কাঠমিস্ত্ৰীজনে মোৰ বিচনাখনৰ ঠুৰাকেইটা কাটি দিছে!😁😁😁😁😁😁


অসমীয়া জমনি ফটো


assamese funny images for facebook


পাহৰা বেমাৰ  (অসমীয়া হাহি উঠা কথা)

Doctor - আপোনাৰ অসুবিধা কি?
Patient - ডাক্তৰ চাহাব, মই সহজতে একোকেই মনত পেলাব নোৱাৰো । মোৰ স্মৃতিশক্তি কমি গৈছে। কিবা এটা কৰক আৰু চাৰ্।

Doctor - আপোনাৰ বয়সটো কব!
Patientয়ে বহু সময় আঙুলিৰ মূৰত কিবা হিচাপ কৰিলে আৰু একো কব নোৱাৰি শেষত mobile phone টো উলি্য়াই phone থকা calculator ত হিচাপ কৰি কলে, ২৫ বছৰ!

Doctor - আপোনাৰ উচ্চতা কিমান?
Patientয়ে লগে লগে নিজৰ বেগটোৰ পৰা ফিটা এডাল উলিয়াই নিজক জুখি কলে, ৫ ফুট ৪ ইণ্ঞ্চি।

Doctor - বাৰু ঠিক আছে, আপোনাৰ নামটো কব!
Patientয়ে লগে লগে বহি থকা আসনখনৰ পৰা উঠি কিছু সময় মুখতে কিবা এটা গান ভোৰভোৰালে আৰু কলে, sorry sir, মোৰ নামটো মনত পেলালো অকনমান দেৰি হল, মোৰ নাম ৰমেন।

Doctor - আচ্ছা ভাল, আপুনি নামটো মনত পেলোৱাৰ আগতে সেয়া কি কৰি আছিল?
Patient - মই চাৰ্, মোৰ বন্ধুসকলে মোৰ birthday ত গোৱা গানটো মনত পেলাই আছিলো মানে চাৰ্।

Doctor - কি গান?
Patient - Happy Birth Day To You, Happy Birth Day To You, Happy Birth Day To Dear "Ramen",
Happy Birth Day To You ! 😁😁😁


অসমীয়া ৰগৰ ফটো


assamese funny images for facebook


বেছি বুজে (অসমীয়া ৰগৰ jokes)

Ladies Patient - মোৰ এটা সমস্যা আছে চাৰ্

Doctor - সকলো খুলি কওঁক

Ladies Patient - ঠিক আছে চাৰ্

Doctor - এই এই কি কৰিছে, শাৰীখন আকৌ কিয় খুলিছে

Ladies Patient - আপুনিয়েইটো কৈছে "সকলো খুলি কওঁক"! 😄😄😄😄😄


ছোৱালীৰ Activa (অসমীয়া কৌতুক)

উৰাজাহাজৰ চকা দুয়োটাৰ নিচিনা যেতিয়া দুয়োখন ভৰিয়েই লাহে লাহে বাহিৰলৈ উলিয়াব ধৰে তেতিয়া বুজিবা Activa চলাই অহা ছোৱালীজনীয়ে Brake মাৰিবলৈ ওলাইছে! 😁😁😁😄😄😄


অসমীয়া কৌতুক ফটো


assamese funny images for facebook



এ, এ, চাবিপাত কত ভৰায়? (অসমীয়া হাহি উঠা কথা)

এক মদাহী ৰাস্তাৰ কাষতে ৰৈ ঘৰৰ চাবিপাত লাইটৰ খুটিত ভৰাবলৈ চেষ্টা কৰি আছিল ।

সেইখিনি সময়তে টহল দি থকা পুলিছ এজনে মদাহীজনে নিচাতহে তেনে কৰি থকাতো বুজিব পাৰি কলে, - হেৰা, কি কৰি আছানো? ইয়াত চাবি ভৰাই থাকি লাভ নহব নেকি, ঘৰত দেখোন কোনো নাই।

মদাহী - আছে, আছে, সৌৱা চাওঁক ওপৰৰ তলাত লাইট জ্বলি আছে 😁😁😁😂😂😂



পুলিচৰ টা-টা (অসমীয়া কৌতুক)

ট্ৰেফিক পুলিছে ট্ৰাক ড্ৰাইভাৰ এজনক পিছে পিছে খেদি খেদি গৈ ধৰিলে আৰু ট্ৰাকখনৰ পৰা টানি নমালে-

ট্ৰেফিক পুলিছ - অই, তই কিয় মই হাত দঙাৰ পিছতো গাড়ী ৰখোৱা নাছিলি হা?

ট্ৰাক ড্ৰাইভাৰ -  ধেততেৰি, মই আপোনাক টা-টা দি থকা বুলিহে ভাবি আছিলো 😁😁😁😁😁


নিজৰ নামবোৰ Japanese Style ত লিখি চোৱাচোন



new assamese jokes



বেংক কৰ্মচাৰীৰ documents (অসমীয়া গাজা)

এজন বেংকৰ কৰ্মচাৰী এখন ট্ৰেইনত অকলে যাত্ৰা কৰি আছিল । ট্ৰেইনখনত প্ৰায় যাত্ৰী নাছিলেই বুলিব পাৰি । তেওঁ বহি থকা কাষৰ চিটবোৰ সকলো খালি আছিল ।তেওঁ ভাবিলে, কোনো টাইম পাচ্ কৰাৰ বাবে মক্কেলেই নাই দেখোন, চেঃ, অাজি যাত্ৰাটো খুব বোৰিং হব যেনেই লাগিছে ।

এনেদৰে এটা ষ্টেচন পাৰ হোৱাৰ পিছত, পিছৰটো ষ্টেচনত এজনী মহিলা সেই ডবাটোত উঠিল । মহিলাগৰাকী দেখিবলৈ খুব ধুনীয়া আৰু চেক্চি আছিল । মহিলাগৰাকীয়ে বেংকৰ কৰ্মচাৰীজন বহি থকা কাষৰ চিট খালি দেখা পায় তাত বহিল ।

বেংকৰ কৰ্মচাৰীজনে ভাবিলে, অ', এতিয়াহে যাত্ৰা কৰি অলপ ভাল লাগিব, ধুনীয়া মহিলাগৰাকীৰ লগত অলপ ক্লোচ হৈ লব লাগিব, মানে কথা পাতি পাতি গলে অন্তত  বোৰিং নালাগিব ।

সেইবুলি তেওঁ মহিলাগৰাকীৰ অলপ আৰু   কাষলৈ গৈ বহিলে আৰু মহিলাগৰাকীক সুধিলে, আপুনি কলৈ যাব?

মহিলাগৰাকীয়ে লগে লগে নিজৰ মনৰ আচল উদ্দেশ্য প্ৰকাশ কৰি কলে, "চুপচাপ, আপোনাৰ লগত কি কি টকা-পইচা, আঙুঠি আদি আছে পটাপট্ মোক উলিয়াই দিয়ক, নহলে মই পুলিচক মাতি আপুনি মোৰ লগত অসৎ কৰ্ম কৰিব খোজা বুলি কম"

বেংকৰ কৰ্মচাৰীজন এই কথা শুনাৰ পিছতো সামান্য হৈয়ে থাকিল আৰু লগে লগে পকেটৰ পৰা এখন কাগজ উলিয়াই লিখিলে, "মই ক'লা আৰু বোবা, মোক কিবা কৈছে যদি, এই কাগজখনত (অন্য এখিলা কাগজ উলিয়াই দি ) লিখি দিয়ক"

মহিলাগৰাকীয়ে ভাবিলে আজিৰ ধান্দাটো কৰিয়ে পেলাও বাপ্পেকে পটাপট্, সেইবুলি তাই কাগজখনত সকলো লিখি বেংকৰ কৰ্মচাৰীজনক দি দিলে।

উক্ত কাগজখন পকেটত বঢ়িয়াকৈ ভৰাই লৈ বেংকৰ কৰ্মচাৰীজনে কলে, আচ্ছা, এতিয়া কওঁক ভালদৰে কি কব লগা আছে আৰু পুলিচক যদি মাতে মাতিব পাৰে , মই বেংকৰ কৰ্মচাৰী আৰু বেংকৰ কৰ্মচাৰীয়ে সঠিক documents নহলে কাম নকৰে 😂😂😂😁😁😁


অসমীয়া জমনি ফটো



new assamese jokes



যেনে প্ৰশ্ন তেনে উত্তৰ (অসমীয়া ৰগৰ jokes)

প্ৰশ্ন - এজন ব্যক্তি শদিয়াৰ পৰা গাড়ীৰে ১৭০ কি. মি. বেগেৰে ধুবুৰিলৈ আহি আছে, আৰু আন এজন ব্যক্তি ধুবুৰিৰ পৰা গাড়ীৰে ১৬০ কি. মি. বেগেৰে শদিয়ালৈ গৈ আছে, দুয়োজনৰ কত দেখাদেখি হব?

উত্তৰ - জেলখানাত, ইমান স্পিডত গাড়ী চলালে পুলিচে কি আঙুলি চুপি থাকিব নেকি? 😁😁😁😁😁



দুষ্ট লৰাৰ কান্ড (New Assamese Jokes)

এক দুষ্টই থানাত ফোন লগালে-

- হেল্লো, এইটো পুলিচ ষ্টেচন নেকি?
- অ' হয়

- আপুনি কি পুলিচে কৈ আছে নেকি?
- অ' হয় কৈ আছো

- আপোনালোকৰ থানাত বাথৰুম আছে
- হয়, আছে

- আপোনালোকৰ বাথৰুমত কম'ড আছে
- হুম্, আছে, আছে

- তেতিয়াহলে কম'ডত নিজৰ মূৰটো সুমুৱাই বহি থাকক

এইবুলি কৈ লৰাটোৱে ফোনটো কাটি দিলে

তাৰ পিছত পুলিচে লগে লগে অনুসন্ধান কৰি নম্বৰটো উলিয়াই লগে লগে call back কৰাত ফোনটো উক্ত লৰাজনৰ বাপেকে ধৰিলে-

- হেলো, আপোনাৰ লৰাই মোক কম'ডত মূৰটো সুমুৱাই থাকিব কৈছে
- হয় নেকি, কেতিয়া?
- এই ধৰক ১৫ মিনিট হ'ল

-১৫ মিনিট.....ওঁ হব বাৰু! এতিয়া আপোনাৰ মূৰটো কম'ডৰ পৰা উলিয়াই পেলাওক 😂😂😂😁😁😁


গৰু গছত উঠা দেখিছেনে কেতিয়াবা



new assamese jokes



চোৰ-পুলিচ  (অসমীয়া হাহি উঠা কথা)

পুলিচ - ক' তই কিয় চুৰ কৰ'?

চোৰ - জাপিৰ বাবে আৰু মানুহৰ বুদ্ধি বঢ়াবলৈ

পুলিচ - মানে?

চোৰ - চাৰ্, কথাতে কয় নহয়, "চোৰ গলে বুদ্ধি আৰু বৰষুণ গলে জাপি"😁😁😁


চোৱাই যায় আৰু



new assamese jokes



ফাল্টু কথা (অসমীয়া গাজা)

আমাৰ ঘৰৰ লাইটৰ বিল বহুদিন পে' নকৰা বাবে, এইমাহত লাইটৰ বিলৰ সৈতে ৰঙা চিয়াঁহীৰে লিখা বিলখন অৱশেষত আহিল। আৰু লাষ্ট ডেটৰ দিনা দেউতাই মোক লাইটৰ বিলটো জমা দিবলৈ দি পঠিয়ালে। মই সেই পইচাখিনিৰে এখন নতুন গাড়ী পোৱাৰ আশাত লটাৰি বুক এখন কাটি পেলালো । দেউতাই সিদিনা সন্ধিয়া কথাটো গম পায় মোক খুব পিটিলে। পিছদিনা ৰাতিপুৱাই আমাৰ ঘৰৰ পদূলিত এখন নতুন গাড়ী আহি ৰখিলে । মা, দেউতা আৰু ভন্টীয়ে খুব কান্দিলে। সেই গাড়ীখন আছিল ইলেক্ট্ৰিচিটি বোৰ্ডৰ, আমাৰ ঘৰৰ লাইটৰ কানেকচন্ কাটিবলৈ আহিছে । সেইদিনা দেউতাই মোক আকৌ এবাৰ কুত্তাৰ নিচিনা পিটিলে।


Doctor's Advice Ultimate



new assamese jokes


(Facebook ত LIKE আৰু SHARE কৰিব)

অন্য বিষয়সমূহ 👉






চাওঁক মজাৰ ৰগৰবোৰ:-

চুইট্ লভ্

মজা কৌতুক

ফেচবুক ৰগৰ

নতুন বছৰৰ হাহি

মানষিৰ উত্তৰ

চুইট্ হাৰ্ট

গণিতৰ কিটিপ্

মধুৰিআম

Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Assamese Quotes on Life - Assamese Facebook status for Life

Fun Fun - Funny Images - in Assamese

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese