Assamese Language Website বনাবলৈ আমি কেনেদৰে আগবাঢ়িব লাগিব ?

Assamese Language Website বনাবলৈ আমি কেনেদৰে আগবাঢ়িব লাগিব ? - How to prepare to make assamese language website ?



assamese language website
prepare for assamese website


"অসমীয়া ভাষা" আমাৰ মাতৃভাষা । গতিকে আমি সকলোৱে অসমীয়া ভাষাক বিভিন্ন ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে গুৰুত্ব দিব লাগে । অসমীয়া ভাষাৰ ওপৰত অধ্যয়ণ কৰি বিভিন্ন পৰ্যায়ত ইয়াৰ পৰিসৰ বৃদ্ধি কৰিব লাগে । বৰ্তমান কাৰিকৰী আৰু কৌশলৰ যুগ । আমি যিকোনো তথ্যৰ সমিধান পলকতে পাব পৰা ব্যৱস্হা এটা হৈছে । মই ইন্টাৰনেট ব্যৱস্হাৰ কথা কৈছো । বৰ্তমান আমি যিকোনো প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ সাধাৰণতে ইন্টাৰনেটৰ ব্যৱহাৰ কৰোঁহক । গতিকে এই ক্ষেত্ৰত চাবলৈ গলে তথ্য সমূহ বিচাৰি পাওঁ সঁচা, কিন্ত্ত অন্য ভাষাত, ইংলিছ নহলে হিন্দীত । ইন্টাৰনেটত অসমীয়া ভাষাত তথ্য আদি একেবাৰে সীমিত সংখ্যকহে দেখিবলৈ পাওঁ । আনকি আমাৰ চৰকাৰী ৱেবচাইটবোৰো বিশেষকৈ ইংলিছতহে লিখা থাকে । আজিকালি অৱশ্যে অসমীয়া ভাষাত বিভিন্ন ধৰণৰ ৱেবচাইট বিচাৰি পোৱা যায় । কিন্ত্ত আচলতে সেইখিনিয়েই যথেষ্ঠ নহয় ভাৰতৰ অইন অইন ভাষাসমূহৰ তুলনাত । আমাৰ নিজৰ অসমীয়া ভাষাক টনকিয়াল কৰাৰ ক্ষেত্ৰত আমি সকলোবোৰে নিজে আগবাঢ়ি আহিব লাগিব । অসমীয়া ভাষাৰ ওপৰত জ্ঞান থকা লৰা - ছোৱালীৰ অসমত অভাব নাই । তেওঁলোকে এই ভাষাৰ ওপৰত অলপ আৰু গভীৰ ভাবে অধ্যয়ণ কৰি এই দিশত আগবাঢ়ি সময় থাকোতে অসমীয়া ভাষাক ভাৰ্চুৱেল জগতৰ লগত সমিল-মিল ঘটাই অসমীয়া ভাষাৰ স্হান উন্নত কৰি এই ভাষাক চহকী কৰিব লাগিব । সকলোৱে এই ক্ষেত্ৰত কাম কৰিবৰ বাবে আগবাঢ়ি আহিব লাগে । 



assamese language website
prepare for assamese website

অসমীয়া ভাষাৰ ৱেবচাইট (assamese language website) এটা তৈয়াৰ কৰিবলৈ লগা কাৰিকৰী জ্ঞান সমূহ ঠিকমতে আহৰণ কৰি লৈ আমি এই ক্ষেত্ৰত আগবাঢ়িব পাৰো । অসমীয়া ভাষাৰ ৱেবচাইট (assamese language website) বনাবলৈ আমি নিজৰ পচন্দ অনুসৰি বিষয় এটা প্ৰথমতে বাচি লব লাগিব । এই বিষয়সমূহ বিভিন্ন ধৰণৰ হব পাৰে । তলত কিছুমান বিষয় মই উদাহৰণ হিচাপে আগবঢ়ালো :-



ট্ৰেভেল (Travel) > আমি প্ৰত্যেকেই বিভিন্ন সংক্ৰান্তত বিভিন্ন ঠাইলৈ প্ৰায়ে অহা-যোৱা কৰিব লগা হয় । সকলো ঠাইৰে কিছুমান নিজা নিজা চিনাকী আছে । সেইবোৰৰ ওপৰত তথ্য, ছবি, ইতিহাস আদি গোটাই লৈ আমি সেইবোৰ ৱেবচাইটত সংলগ্ন কৰিব পাৰো । 

ফটোগ্ৰাফী (Photography) > আমি বিভিন্ন বিষয়ক লৈ ফটোগ্ৰাফী কৰিব পাৰো যেনে- প্ৰকৃতি, ফুল, ফল, পোক পৰুৱা, জীৱ জন্ত্ত, সুন্দৰতা, টাইম ক'লাপচ্, খাদ্য সম্ভাৰ ইত্যাদি । আৰু সেইবোৰ আমি ৱেবচাইটৰ জৰিয়তে বিক্ৰীও কৰিব পাৰো ।

শিক্ষা (Education) > আমি বিভিন্ন বিষয়ৰ জ্ঞান, প্ৰশ্নৰ সমিধান, অংকৰ সমাধান, কি?, কেনেকৈ?, বিভিন্ন পৰীক্ষাৰ প্ৰশ্ন মডেল, ইত্যাদিক লৈও ৱেবচাইট তৈয়াৰ কৰিব পাৰো ।

ভিডিঅ'গ্ৰাফী (Videography) > আমি বিভিন্ন বিষয়ৰ ভিডিঅ' প্ৰস্ত্তত কৰি ৱেবচাইট বনাব পাৰো ।

খবৰ (News) > বিভিন্ন ঠাইত সংঘটিত হোৱা ঘটনা সমূহ উল্লেখ কৰি লগতে তাৰ বিশ্লেষণ আগবঢ়াব পাৰো ।

সাক্ষাৎকাৰ (Interview) > বিভিন্ন খ্যাতি সম্পন্ন ব্যক্তি, নামক ব্যক্তি, প্ৰতিভা সম্পন্ন ব্যক্তি, কৃতি ছাত্ৰ ছাত্রী আদিৰ সাক্ষাৎকাৰ সংগ্ৰহ কৰি লিখিত বা ভিডিঅ' আকাৰত প্ৰকাশ কৰিব পাৰো ।

কাৰিকৰী (Technology) > বিভিন্ন এপ্লিকেচন, ৱেবচাইট, চফটৱেৰ, গেম ইত্যাদিৰ সম্যক জ্ঞান আৰু ইয়াৰ উল্লেখযোগ্য দিশ সমূহক ৱেবচাইটৰ বিষয় হিচাপে লব পাৰো ।

টিপচ্ এণ্ড ট্ৰিকচ্ (Tips & Tricks) > বহুতেই নজনা কিছুমান টিপচ্ এণ্ড ট্ৰিকচ্ সংগ্ৰহ কৰি 
ৱেবচাইটৰ অন্তৰ্ভুক্ত কৰিব পাৰি । এই ট্ৰিকচ্ সমূহ বিভিন্ন বস্ত্তৰ ওপৰত হব পাৰে যেনে- কম্পিউটাৰ, মোবাইল, এপচ্, চফটৱেৰ আদি আৰু লগতে মেজিক বা যাদু। 

ওপৰত উল্লেখ কৰা বিষয় সমূহৰ বাহিৰেও এনে বহুতো বিষয় আছে, যিবোৰক সামৰি লৈ আমি অসমীয়া ভাষাৰ ৱেবচাইট (assamese language website) তৈয়াৰ কৰিব পাৰো । এই বিষয় সমূহৰ ভিতৰত আছে যেনে -


  • সামগ্ৰী কিনাৰ পৰামৰ্শ (Buying Guides)
  • চলিত বিষয় আৰু বস্ত্তসমূহৰ ভাল-বেয়া দিশ (Opinion Pieces)
  • কি কৰিব আৰু কি নকৰিব (Do and Don't)
  • কুইজ (Quiz)
  • সাধাৰণ জ্ঞান ( General Knowledge )
  • সাধু-কথা, গল্প আৰু উপন্যাস ( Story Making )
  • কবিতা (Poem)
  • খুহুটীয়া কথা আৰু ছবি (Comics and Meme)
  • বিৱৰণমূলক হাতে অঁকা ছবি (Sketches with Illustrations )
  • উৎসৱ পাৰ্বন ( Event )
  • উদ্যোগিক খবৰ (Indusrial News)
  • প্ৰশ্ন আৰু উত্তৰ (Question and Answer)
  • জীৱনৰ উদ্ধৃতি/উক্তি (Life Quotes)
  • সমীক্ষা (Survey)
  • ই-বুক (E-book)
  • প্ৰতিযোগীতা (Contest)
  • ৰন্ধন-প্ৰকৰণ (Recipe)
  • সৌন্দৰ্য (Beautification)
  • সহায় (Help)
  • সাধাৰণতে মনলৈ অহা প্ৰশ্ন frequently asked questions (FAQ) 
  • বটা,পুৰস্কাৰ, অনুদান (Awards)
  • ব্যৱসায় (Business), ইত্যাদি ।

অসমীয়া ভাষাৰ ৱেবচাইট (assamese language website) এটা বনাবলৈ আমি নিজৰ পচন্দ আৰু যোগ্যতা অনুসৰি বিষয় বাচনি কৰি লোৱাৰ পিছত প্ৰধান কাম হব Domain Name বাচনি কৰা । Domain Name এটাৰ বাচনি কৰোতে আপোনাৰ অন্তৰ্ভুক্ত বিষয়ৰ লগত সংগতি ৰাখিব লাগে । তাৰ পিছত আপুনি সামান্য পৰিমাণৰ মূলধন আদায় দি Domain ক্ৰয় কৰি লব পাৰে । আজিকালি মাত্ৰ ৯৯ টকাটো এই Domain ক্ৰয় কৰাৰ সুবিধা আছে । Domain ক্ৰয় কৰাৰ পিছত প্ৰয়োজনীয় settings সমূহ কৰি লৈ আপুনি আগবাঢ়িব পাৰে ।


assamese language website
prepare for assamese website

আৰু আপুনি ইচ্ছা কৰিলে Free Domain ও ব্যৱহাৰ কৰিব পাৰে । Google ৰ ফালৰ পৰা এনে Free Domain যেনে Blogspot Blogger, Wordpress আদিত উপলদ্ধ আছে ।


assamese language website
prepare for assamese website

অসমীয়া ভাষাৰ ৱেবচাইট (assamese language website) বনাই যদি ৱেবচাইটতো দীৰ্ঘস্হায়ী আৰু লগতে ইয়াৰ জৰিয়তে নিজৰ কেৰিয়াৰ বনাব খুজিছে তেতিয়া হলে, আপুনি ৱেবচাইটত অন্তৰ্ভুক্ত কৰা বিষয়বোৰৰ ওপৰত গুৰুত্ব দিব আৰু চাব যাতে এই বিষয়বোৰ কোনো আন ৱেবচাইটৰ পৰা নকল(Copy) কৰা নহয় । অন্যথা আপোনাৰ কষ্ট অথলে যাব অৰ্থাৎ এটা সময়ত Google য়ে সেই নকল(Copy) কৰা তথ্যবোৰ চিনাক্ত কৰি আপোনাৰ ৱেবচাইটতো বা বিষয়বস্ত্তখিনি মচি/মোহাৰি (Delete) পেলাব । সম্পূৰ্ণ আপোনাৰ নিজৰ সৃষ্টিৰে কৰিলে আপুনি Google ৰ পৰা অনুমোদন লাভ কৰিব আৰু ইয়েই আপোনাৰ ভৱিষৎ গঠন কৰাত সহায় কৰিব ।


[ If you are thinking to create a Assamese Language Website, first you have to select a topic as content for the website. You should select a topic that you can handle it well. You should be interested on it. I provided various topics as a example in this post for a Assamese Language Website. There are only few Assamese Language Websites available in internet. And these are not sufficient. So, you can think for create a Assamese Language Website and make our Assamese Language rich. I have described above that how you can be prepare to create a Assamese Language Website / Assamese Website. ]

এতিয়া আৰু আপোনাৰ মোবাইলটো কোনেও চুব নোৱাৰিব


(Facebook ত LIKE আৰু SHARE কৰিব)


🌼🌼🌼চাওঁক - 🌼🌼🌼



আৰু চাওঁক 👉👉👉

assamese comedy

assamese comedy

Comments

  1. moi njnu 2me kun hoi kin2 tumi bht val km krisa..2me muk inspire krsa

    hoi2 moiu ata website khulim vbe asu ata topic thankyou so much for giving me this ideas thanks you are so creative keep it up

    ReplyDelete
    Replies
    1. website topic likhote msg to xaboloi somoy poa nasilo, dhanyabad mor ei xamanyo gyankone je tomak olop holeo inspire korile. please keep visit my website.

      Delete

Post a Comment

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese