Assamese Koutuk New - Asomiya Jokes

Assamese Koutuk New । Asomiya Jokes

৩৭ টা অসমীয়া কৌতুক আৰু অসমীয়া কৌতুক ফটো:-


(১)

১ম বন্ধু - তই দিনে দিনে শুকাই গৈছ যে

২য় বন্ধু - চিন্তা নকৰিবি বন্ধু, বৰষুণ আহিলেই ভিজি যাম😁😁😁😁😁

(২)

assamese new koutuk

(৩)

১ম বন্ধু - মোৰ বাঘৰ লগত মুখামুখি হোৱা ঘটনাটো তোক কৈছিলো নেকি?

২য় বন্ধু - নাই, নাই , কি হৈছিল ক' বে?

১ম বন্ধু - কি আৰু ক'ম, লগত বন্দুকও নাই, বাঘটো মানে এনে হিংস্ৰ মূৰ্তি ধৰি গৰজি মোৰ ফালে ক্ৰমান্বয়ে আগুৱাই আহি আছিল

২য় বন্ধু - হে হৰি, তাৰ পিছত কি কৰিলি তই?

১ম বন্ধু - কিয়, বান্দৰ চাবলৈ তাৰ ওচৰৰ থকা পিণ্জৰাটোলৈ গলোঁ!!!😁😁😁

------------------------------------------
------------------------------------------

(৪)

ককা আৰু নাতিৰ কাজিয়াৰ এক পৰ্যায়ত-

ককা - তোৰ ইমান সাহস, তোক চাল্লা এক লাঠ মাৰিম

নাতি - আৰু মোৰ কি ভৰি নাই

ককা - কি? তই মোক লঠিয়াবি?

নাতি - নহয়, মানে মই কৈছো কি, মই ভৰিৰে দৌৰি পলাব নোৱাৰিম নেকি কিবা?😂😁😁😁

(৫)


assamese new koutuk

(৬)

বিদেশত থকা পুত্ৰ বহুদিনৰ পিছত ঘৰলৈ অহাত মাকে পুতেকক কি খুৱাব কি নুখুৱাব।

মাকে দুটা চাইজৰ সৰু সৰু লোকেল মুৰ্গী মাৰি পুতেকক খুৱাব বুলি বনালে।

মাকে ভাতৰ লগত পুতেকক দুখন মুৰ্গীৰ ঠেং খাবলৈ দিলে।

পুতেক - ঠেং(ক) ইউ মা।

মাকে তেতিয়া পুতেকক আৰু এখন মুৰ্গীৰ ঠেং খাবলৈ দিলে।

পুতেক - অহ্ নাইচ্, ঠেং(ক) ইউ মা।

পুতেকৰ কথা শুনি মাকে পুতেকক আৰু এখন মুৰ্গীৰ ঠেং খাবলৈ দিলে।

পুতেক - অহ্ ভেৰি টেষ্টি, ঠেং(ক) ইউ মা।

মাক - বাবা, আৰু মুৰ্গীৰ ঠেং নাই নহয়!😁😂😁😂😁😂



(৭)

মাক - বাবা, তোৰ টনচিলৰ problem  আছে আৰু তই icecream🍦 খাই আছ, তোৰ ঠাণ্ডা লাগিবতো

পুতেক - নহয় মা, মোৰ ঠাণ্ডা নালাগে, মই sweater পিন্ধিহে icecream🍦 খাই আছো!😁😁😁😁

(৮)


assamese new koutuk

(৯)

এজন ভদ্ৰলোকে হোটেল এখনত খানা খোৱাৰ পিছত waiter ক ২ টকা বক্চিচ দিলে।

waiter - চাৰ্, আমাৰ ইয়াত ২ টকা বক্চিচ দিয়া মানে মোক অপমান কৰা, কমচেকম্ ৪ টকা দিয়ক

ভদ্ৰলোক - হয় নেকি, ৪ টকা ন', তেতিয়া হলে মই তোমাক আকৌ এবাৰ অপমানিত কৰিব খোজা নাই 😁😁😁😁

--------------------------------------------------------
--------------------------------------------------------
(১০)

শিক্ষক - অহাকাইলৈ আমাৰ স্কুললৈ স্কুল পৰিদৰ্শক আহিব গতিকে সকলোৱে চাফ-চিকুণ হৈ স্কুললৈ আহিবা, নহলে punishment দিয়া হব।

পিছদিনাখন সকলো ছাত্ৰই শিক্ষকে কোৱা মতে পৰিষ্কাৰ কাপোৰ পিন্ধি আহিলে, কিন্ত্ত এজন ছাত্ৰ খুব লেতেৰা dress পিন্ধি আহিলে । ছাত্ৰ জনৰ নাম আছিল কাণডা ।

শিক্ষক - মই কৈছিলো নহয়, "সকলোৱে চাফ-চিকুণ হৈ স্কুললৈ আহিবা, নহলে punishment দিয়া হব" । কাণডা, তই কিয় ইমান লেতেৰা dress পিন্ধি আহিচ? ছাত্ৰসকল, কাণডা'ৰ punishment হব। 
স্কুল পৰিদৰ্শক গুচি নোযোৱা পৰ্যন্ত ,
তহঁতৰ কেইজনমানে কাণডা'ক স্কুলৰ পিছফালে থকা পুখুৰীটোৰ পাৰৰ গছজোপাত বান্ধি থৈ আহ ।

শিক্ষকৰ কথামতে কেইজনমান ছাত্ৰই কাণডা'ক স্কুলৰ পিছফালে থকা পুখুৰীটোৰ পাৰৰ গছজোপাত বান্ধি থৈ আহিলে।

কিছু সময় পিছত স্কুল পৰিদৰ্শক আহিলে আৰু উক্ত শ্রেণীটোত সোমাল । তেতিয়া ভূগোলৰ ক্লাছ চলি আছিল ।

স্কুল পৰিদৰ্শক - দিয়াচোন কোৱা তোমালোকে, "কাণাডা(Canada) ক'ত"?

এজন ছাত্ৰই কলে, চাৰ্, কাণডা'ক আমি স্কুলৰ পিছফালে থকা পুখুৰীটোৰ পাৰৰ গছজোপাত বান্ধি থৈছো😁😁😁😁😁

(১১)


assamese new koutuk


(১২)

১ম বন্ধু - তুমি কিয় কলৈকো নোযোৱা, মানে যাতায়াত মুঠেও নকৰা যে?

২য় বন্ধু - কি যে দুৰ্ঘটনাবোৰ হৈ থাকে, মোৰ খুব ভয় লাগে সেয়ে মই যাতায়াত নকৰো

১ম বন্ধু - সেইটো আৰু ভয় কৰি কি হব, যাৰ মৰণ যেতিয়া আহিব তেতিয়া এনেও মৰিব

২য় বন্ধু - নহয়হে, ধৰা মই aeroplane ত যাত্ৰা কৰি আছো, মোৰ মৰণ নাহি যদি pilot ৰ মৰণ আহি যায় তেতিয়া ! 😁😁😁😁😁

(১৩)

এখন গাওঁত কেইজনমান বদমাচ আছিল । সিঁহত মুঠ ৫ জন । আটাইকেইজনে দল বান্ধি গাওঁখনত অত্যাচাৰ কৰি গাওঁবাসীক অতিষ্ঠ কৰি ফুৰিছিল।

এদিন পুলিচৰ লগত মুখামুখি হৈ সিঁহতৰ এজনৰ মৃত্যু হোৱাত, বাকি ৪ জনে  মৃতকৰ ক্ৰিয়াৰ বাবে গাঁওখনত প্ৰত্যেকৰে পৰা ১০০ টকাকৈ চাঁন্দা বিচাৰিব ধৰিলে।

গাওঁৰ এজন মানুহক, সিঁহতে চাঁন্দা খুজোতে ৫০০ টকা উলিয়াই দিলে। বদমাচ কেইজনে কলে, আজি আমি আমাৰ এজন সদস্যক হেৰুৱালো গতিকে আজি কাকো দাবি-ধমকি নিদিও আৰু কাৰো অন্যায় নকৰো, আপুনি ১০০ টকা দিলেই হব।

মানুহজনে কলে, আজি যাৰ মৃত্যু হৈছে তাৰ বোলে লগৰ আৰু ৪ জন আছে, সেই ৪ জনৰ মৃত্যুৰ বাবদ প্ৰত্যেকৰে ১০০ টকাকে আগতিয়াকৈ দিলোহে 😁😁😁

(১৪)

বাপেকে বহু সময় ধৰি মাছ মাৰি আছে-

পুতেক - দেউতা, মায়ে সুধি পঠিয়াইছে , তুমি ইমান সময়ৰ পৰা মাছ মাৰি আছা , তুমি কেইটা মাছ পাইচা?

বাপেক - যা, মাৰ'ক কবি , ইয়াৰ পিছৰটো মাছ পালে এটা হব😁😁😁😁

(১৫)

assamese koutuk new

(১৬)

ভদ্ৰলোক - এই ৰিক্সা , train station যাবা নেকি?

ৰিক্সাচালক - অ' যাম, ৩০ টকা লাগিব

ভদ্ৰলোক - ৩০ টকা? সেইটো দেখোন  train station, ইয়াৰ পৰা দেখায় যায়

ৰিক্সাচালক - ইয়াৰ পৰা চন্দ্ৰটোও দেখা যায়, যাব নেকি?😁😁😁

(১৭)

দুজন মদাহী নিচাত -

মদাহী ‍১ - তোৰ ঘৰ কত?
মদাহী ২ - নামঘৰটোৰ আগফালে। তোৰ ঘৰ কত?

মদাহী ‍১ - মোৰ ঘৰ নামঘৰটোৰ পিছফালে। 
মদাহী ২ - আমাৰ ঘৰচোন একেলগে, এটা  কাম কৰ্, মিচামিচি দুয়োজনে বেলেগ বেলেগকৈ গৈ থকাতকে একেলগে যোৱাৰ ব্যৱস্হা কৰো। আমি মদৰ দোকানখন আমাৰ ঘৰলৈ ঠেলি লৈ যাওঁ।

এনেকৈ কৈ সিঁহত দুয়োজনে মদৰ দোকানখন ঠেলিবলৈ আৰম্ভ কৰিলে। কিছু সময় ঠেলাৰ পিছত দুয়োজনৰে গৰম লগাত দেহৰ কাপোৰবোৰ খুলি পথতে পেলায় দিলে। 

ঠিক সেই সময়তে সেইফালেৰে এটা চোৰ গৈ আছিল । সি চল বুজি সিঁহত দুয়োজনৰে কাপোৰবোৰ লৈ গল।

এনেকৈ কিছুসময় যোৱাৰ পিছত, 
মদাহী ‍১ - পাৰ্টনাৰ, আমিতো মদৰ দোকানখন ঠেলি বহুদূৰ আহিলো, কিন্ত্ত আমাৰ কাপোৰবোৰ যে , আধা ৰাস্তাতে এৰি থৈ আহিলোঁ!😁😁😁😁😁

(১৮)

পত্নী - জানা, আজি সাংঘাতিক ঘটনা 

পতি - কি হল?

পত্নী - মোৰ মা, পাকঘৰৰ পৰা ওলাই এইটো ৰুমলৈ আহোতেই ঘৰৰ দেৱাল ঘড়ীটো সৰি পৰি ঠিক মা'ৰ পিছফালে, মা' কোনোমতে ৰক্ষা পৰিল। আৰু অকণমান সময় আগতে যদি পৰিলহেঁতেন , তেন্তে মা'ৰ আজি হয়টো মূৰটো.....

পতি - মই জানো, সেই ঘড়ীটো কিছুদিনৰ পৰা কিবা slow মাৰি আছে!😁😁😁😁



(১৯)

Doctor - আপোনাৰ কি সমস্যা ক'কচোন

ৰোগী - মই প্ৰত্যেকদিন গোটেই ৰাতি ক্ৰিকেট খেলি থকা সপোন দেখো

Doctor - মানে আপুনি খালি ক্ৰিকেট খেলি থকা সপোনেই দেখে , অন্য কোনো ধৰণৰ সপোন নেদেখে নেকি যেনে, খোৱা-লোৱা, ঘূৰি ফুৰা

ৰোগী - খোৱা-লোৱা, ঘূৰি ফুৰা এইবোৰ কৰিব গলে মোৰ batting মিচ হৈ যায় আৰু কি!😁😁😁😁

(২০)

মামা - দেচোন ভাগিন ক', ফুলৰ কলি ফুটে কিয়?🤔

ভাগিন - নহলে যে, ফুলৰ কলি দম আতকি মৰি যাব 😄😄😄

(২১)

শিক্ষক - এজনী গাই গৰুয়ে দিনে ৪ লিটাৰ গাখীৰ দিলে , সপ্তাহত কিমান লিটাৰ গাখীৰ দিব?
ছাত্ৰ - চাৰ্, ২৪ লিটাৰ

শিক্ষক - কেনেকৈ ২৪ লিটাৰ হব?
ছাত্ৰ - ৰবিবাৰে যে বন্ধৰ দিন, চাৰ্!😄😄😄😄😄

(২২)

assamese koutuk new

(২৩)

মা'ক - তোক দেখোন মই আজি প্ৰায় ২ বছৰ মানৰ পৰা খং উঠিলে "গাধ" বুলি পাৰি আহিছো । আজি আকৌ "গাধ" বোলোতে কিয় ইমানকৈ কান্দিব ধৰিচ,?

পুতেক - "গাধ" কেনেকুৱা মই ইমান দিনে দেখি পোৱা নাছিলো, আজিহে দেখি পায় আহিছো!😂😂😂😂😂

(২৪)

১ম বন্ধু - ঐ, তোৰ স্কুল বেগৰ ভিতৰত গোল গোল কি বস্ত্ত আছে ৰে?

২য় বন্ধু - মধুৰিআম 

১ম বন্ধু - এটা মোকো খাব দিবি সা

২য় বন্ধু - কেইটা আছে কব পাৰিলে দুয়োটাই দি দিম!😁😁😁😁😁

(২৫)

Doctor - লাহে লাহে উশাহটো ভিতৰলৈ নিয়ক, উম্ এইবাৰ এৰি দিয়ক। 
.
.
.
আৰু উশাহটো ভিতৰলৈ নিয়ক,....এৰি দিয়ক
.
.
.
আৰু উশাহটো ভিতৰলৈ নিয়ক,....এৰি দিয়ক
.
.
.
(ৰোগীজনে Doctor য়ে কোৱা হিচাপে কৰি গৈ আছে)
.
.
Doctor - উম্, বঢ়িয়া , এইবাৰ আকৌ এবাৰ আৰু উশাহটো ভিতৰলৈ নিয়ক,............ .... ..... ...... উশাহটো ধৰি থাকিব,নেৰিব..... ..... ..... .......... ধৰি থাকিব,..... ...... ... ..... ..... ..ধৰি থাকিব,..... ..... .... ওঁ , এতিয়া এৰক আৰু ন,ন,ন তিনিবাৰ কওঁক।

ৰোগী(😣😣😣) - 😤সাতাইশ 

(২৬)


assamese koutuk new

(২৭)

জীয়েক - মা, দেউতাই কৈছে আমাৰ পূৰ্বপুৰুষ হেনো বান্দৰ আছিল, কথাটো হয় নেকি?

মা'ক - মই সঠিক কব নোৱাৰিম মাজনি, তোৰ দেউতাৰৰ পূৰ্বপুৰুষৰ কাকো মই দেখাই নাই নহয়!😁😁😁😁😁

(২৮)

পুলিচৰ পত্নী - হেৰি, উঠকচোন উঠক, আমাৰ ঘৰত কিবা শব্দ ওলাই আছে, চোৰ সোমালে নেকি?

পতি (পুলিচ) - শুব দিয়াহে, মোৰ এতিয়া duty নাই নহয়!😁😁😁😁

(২৯)

পতি-পত্নীৰ কাজিয়া-

পত্নী - মই মা'ৰ ঘৰলৈ গুচি যাওঁ, মোক বাচৰ ভাড়া দিয়া
পতি - কিমান লাগে

পত্নী - ২৪০ টকা
পতি - এয়া লোৱা

পত্নী - কি ,১২০ টকাহে দিলা দেখোন, আৰু ঘূৰি অহাৰ বাবে!😁😁😁😁😁

(৩০)

শিক্ষক - মহাপ্ৰতাপী আকবৰৰ শাসনকাল কিমান চনৰ পৰা কিমান চনলৈ আছিল?

ছাত্ৰ - চাৰ্, মই কিতাপত আকবৰৰ বিষয়ে গোটেই পঢ়িলো কিন্ত্ত শাসনকালৰ চনটো বিচাৰি নাপালো, চাৰ্

শিক্ষক - কিতাপখন মেল, তাত লিখা আছে চা, "আকবৰ (১৫৯৮-১৬২৩)"

ছাত্ৰ - অ' সেইটো মই আকবৰৰ ফোন নম্বৰ বুলিহে ভাবিছিলো!😂😂😂😂

(৩১)

মা'ক - ঐ, নুঠ কেলেই ১০ বাজি গল ইফালে

পুতেক - মা, আৰু ১০ মিনিট, গোটেই ৰাতি শুই একেবাৰে ভাগৰ লাগি গৈছে, ১০ মিনিট জিৰাই লওঁ!😁😁😁😁😁

(৩২)

জ্যোতিৰ্বিদ - আপোনাৰ ভাগ্যখন কিন্ত্ত কব লাগিব!
ব্যক্তি - কেনেকুৱা ক'কচোন?
জ্যোতিৰ্বিদ - আপুনি ৯০ বছৰলৈ বাচি থাকিব!
ব্যক্তি - আৰু যদি নাথাকো
জ্যোতিৰ্বিদ - মোক আহি দুই চৰ্ মাৰি যাব!😂😂😁😁😁

(৩৩)

বিচাৰক - এই কেচটোত আপুনি কি কব, আপুনি দোষী নে নিৰ্দোষী?

আচামী - আপুনি ৰায়দান কৰাৰ আগতে
 কেনেকৈ কওঁ!😀😀😀😀😀

(৩৪)

গ্ৰাহক - এইবিলাক "চাহ" নে "কফি" ? গোটেই কেৰাচিনৰ গোন্ধ

হোটেলৰ কৰ্মচাৰী - অ', তেতিয়াহলে এইটো কফি , আমাৰ ইয়াত "চাহ"ত পেট্ৰলৰ গোন্ধ 😁😁😁😁😁


(৩৫)

পত্নী (ৰাতি) - ২০০৩ ৱৰ্ল্ড কাপত পাকিস্তানৰ বিৰূদ্ধে শচীন টেণ্ডুলকাৰে কিমান ৰাণ কৰিছিল ?

পতি - ৯৮ ! কিয় সুধিলা?

পত্নী - ৰাতিপুৱাৰ পৰা এতিয়া লৈকে তুমি মোৰ জন্মদিনৰ শুভেচ্ছা কিয় দিয়া নাই তেতিয়া হ'লে, হা ?

(৩৬)

#Safety_Tips_হে_আকৌ_দেই 💠💠💠

ৰাস্তাৰে বাইক চলাই গৈ থাকোতে একেলগে #সৌন্দৰ্য্য_দৰ্শন কৰি নাথাকিবা !🔘🔘🔘

নহলে কেতিয়াবা #দেৱ_দৰ্শন হৈ যাব পাৰে 😁😁

(৩৭)

😊😊😊😊😊😊
পত্নী Spoken English কোৰ্চ Join কৰাৰ ৩ সপ্তাহ পিছত-

পত্নী - Welcome home darling !
পতি - I am so tired today
পত্নী - Ok Ok, Rest In Peace ! 😊😊
........


(Facebook ত LIKE আৰু SHARE কৰিব)

অন্য বিষয়সমূহ 👉



Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese