Assamese Story : Assamese Moral Story

Assamese Story । Assamese Moral Story । অসমীয়া চুটি গল্প 

কাউৰীৰ দশা 



assamese story
অসমীয়া গল্প 



এখন শুকান শিলৰ পাহাৰৰ শৃংঙ্গত এটা চিলনী বাস কৰিছিল আৰু সেই পাহাৰ খনৰ নামনিত এটা কাউৰীয়েও বাস কৰিছিল । চিলনীজনী নিজৰ কৰ্মত মচগুল আৰু নিপুণ আছিল । আনফালে কাউৰীজনী আছিল হিংসুক আৰু মুৰ্খ । সি সদায় আনৰ নকল কৰিব বিচৰা বিধৰ আছিল।

চিলনীজনীয়ে সদায় খাদ্যৰ সন্ধানত পাহাৰৰ ওপৰত উৰি ফুৰিছিল । কাউৰীয়ে লক্ষ্য কৰিছিল যে, চিলনীজনীয়ে সদায় পাহাৰৰ ওপৰত দিনৰ দিনটো উৰি ফুৰিছিল আৰু তলত কিবা মনপচন্দৰ চিকাৰ দেখিলেই বায়ু বেগেৰে আহি নিজৰ মজবুত ঠেং কেইটাৰে চিকাৰটোক খামুচি মাৰি ধৰি লৈ মুহূৰ্ততে নোহোৱা হৈছিল । 

চিলনীক ভগবানে জন্মতে এই গুণটো সংযোজন কৰিছে যাতে সি বহু ওপৰৰ পৰাই নিজৰ চিকাৰক সম্পূৰ্ণ ষ্পষ্টকৈ দেখা পায় আৰু মজবুত নখেৰে নিজৰ চিকাৰক নিখুত ভাবে লক্ষ্য কৰিব পাৰে।

কাউৰীয়ে চিলনীক সদায় এইবোৰ কৰি থকা দেখা পাই ভাবিলে যে, সিও চিলনীৰ নিচিনাকৈ ওপৰত উৰি থাকি নিজৰ চিকাৰ কৰিব আৰু এদিন চিলনীক এনেকুৱা কৰি দেখাবই ।

কেইদিনমান পিছত কাউৰীজনীয়ে চিলনীজনীক, সদায় উৰি থকা ধৰণে দেখি সিও আজি চিলনীজনীৰ নিচিনাকৈ চিকাৰ কৰিব বুলি ভাবি ওপৰত উৰি থাকিব ধৰিলে।



কিছুসময় পিছত, তলত এটা শহাপহু জাৰণিৰ মাজৰ পৰা ওলাই অহা দেখি -

চিলনী আৰু কাউৰী দুয়ো শহাপহুটোৰ পিনে চোচা্ ললে । চিলনীজনীয়ে তাৰ নিজৰ ক্ষমতা প্ৰদৰ্শন কৰি মুহূৰ্ততে শহাপহুটোক বশ কৰি অন্তৰ্ধান হল । কাউৰীজনীয়ে একো ততেই নাপালে । তাকে দেখি কাউৰীয়ে মনতে বোৰবোৰাব ধৰিলে, ইয়াতে কি ইমান ডাঙৰ কাম কৰিলি চিলনী, মইও পাৰিম । সেই কথা কৈ কাউৰীজনী আকৌ ওপৰলৈ উৰা মাৰিলে।

অকণমান পিছত কাউৰীজনীয়ে এইবাৰ এটা নিগনী দেখা পালে। লগে লগে কাউৰীয়ে নিজৰ ক্ষমতা অনুযায়ী  নিগনীটোৰ পিনে চোচা ললে । ঠিক নিগনীটোৰ ওচৰ পোৱাৰ আগতে নিগনীয়ে কাউৰীক দেখা পালে আৰু সি পটকৈ গাতৰ ভিতৰলৈ সোমাই গল । কাউৰীয়ে একো তত্ ধৰিব নোৱাৰি নিগনীটোক লক্ষ্য কৰিব গৈ তলত থকা শিল এটাত প্ৰচন্দ খুন্দা খাই চিটিকি পৰিল । আৰু সি দুখ পাই চিঞৰিব ধৰিলে।

চিলনীজনীয়ে দূৰৰ পৰা এইবোৰ সমস্ত ঘটনা প্ৰত্যক্ষ কৰি আছিল । তাকে দেখি চিলনীয়ে কাউৰীৰ ওচৰলৈ আহি কলে, চোৱা, "এনে ধৰণে এই চিকাৰ কৰাটো ইমান সহজ নহয়, আৰু আনক দেখি নকল কৰাটো ভাল কথা নহয় ।" এই কথা কৈ চিলনীজনী তাৰ পৰা গুছি গল।

এই ঘটনাৰ পিছৰ পৰা কাউৰীজনীয়ে আজিৰ পৰা এনে কাম ভবিষ্যতে আৰু কেতিয়াও নকৰো বুলি শপত খালে।



নীতিশিক্ষা (Moral) :-
  • ভগবানে সকলোকে নিজৰ নিজৰ যোগ্যতা অনুসৰি ক্ষমতা প্ৰদান কৰিছে । গতিকে আমি সকলোৱে সেইবোৰ ভালকৈ প্ৰয়োগ কৰিবলৈ শিকিব লাগে ।

  • আনক দেখি-শুনি একে ধৰণৰ কৰ্ম কৰি তুমিও যে সফল হব পাৰিবা এনে কথা নহয়।

  • আনৰ গুণ, উন্নতি দেখি কেতিয়াও নিজৰ মনত হিংসা ভাব আনিব নালাগে

  • আনৰ মাজত যি প্ৰতিভা আছে সেয়া মোৰ নাথাকিব পাৰে, মোৰ হয়টো বেলেগ আছে যি আনৰ নাই । আমি সেইমতেহে আগবাঢ়িব লাগে। হাতী এটাই যেনেকৈ উৰিব নোৱাৰে ঠিক তেনেকৈ চৰাই এটাই এডাল গছ বগৰাই পেলাব নোৱাৰে। আৰু এই কৰ্ম কৰিবলৈ হাতীয়ে হওক বা চৰাইয়ে হওক যিমানেই কৰ্মশক্তি বা ইচ্ছাশক্তি নলগাওক কৰিব নোৱাৰে, অসম্ভব । কোনেও নিজৰ ক্ষমতাৰ বাহিৰলৈ যাব নোৱাৰে । আমাৰ নিজৰ মাজত থকা ক্ষমতাবোৰৰ বৃদ্ধিৰ বাবেহে কৰ্মশক্তি আৰু ইচ্ছাশক্তিৰ প্ৰয়োগ কৰিব লাগে ।

( Story টো ভাল লাগিলে সকলোৱে LIKE আৰু SHARE কৰিব )

অন্য শিতানবোৰ পঢ়ি চাব পাৰে :-




0 comments: