Assamese Riddles - Tricky Riddles in Assamese - ৰহস্য

৩ টা অসমীয়া ৰহস্য । Assamese Riddles । Tricky Riddles in Assamese

tricky riddles in assamese
অসমীয়া ৰহস্য 


ৰহস্য ১/Riddle 1

পত্নীৰ হত্যা -



এজন মানুহে তেওঁৰ পত্নীক তেওঁৰ গাড়ীখনত লৈ ৰাস্তাৰে গৈ আছিল । কিছু সময় গাড়ীখনত যোৱাৰ পিছত তেওঁ গাড়ীখন ৰখালে আৰু তাতেই নিজৰ পত্নীক হত্যা কৰিলে। তাৰ পিছত তেওঁ ইফাল-সিফাল চোৱাত দেখিলে ৰাস্তাটোত কোনো নাছিল । আৰু এই চেগতে তেওঁ নিজৰ পত্নীৰ মৃত শৰীৰটো ৰাস্তাত পেলাই দিলে । তেওঁ লগতে এইটোও ধ্যান ৰাখিলে যাতে কোনো ধৰণৰ হাতৰ চাপ পত্নীৰ মৃত শৰীৰটোত নাথাকে । তাৰ পিছত তেওঁ সেই স্হান ত্যাগ কৰি ৰাওনা হল।

১:৩০ ঘণ্টা পিছত হত্যা হোৱা স্হানত পুলিছ গৈ পালে আৰু অনুসন্ধান কৰি পতিৰ মোবাইল নম্বৰটো পালে । তাৰ পিছত পুলিছে পতি'ক ফোন কৰিলে আৰু কলে, "আপোনাৰ পত্নীৰ হত্যা হৈছে, আপুনি অতি সোনকালে আহিব লাগে" । সেইবুলি কৈ পুলিছে ফোনটো কাটি দিলে।

কিছু সময় পিছত পতি ঘটনাস্হলীলৈ আহিল । আৰু লগে লগে পুলিছে তেওঁক গ্ৰেপ্তাৰ কৰিলে ।

এতিয়া প্ৰশ্নটো হল, পুলিছজনে কেনেকৈ গম পালে যে, পতিয়েই তেওঁৰ পত্নীক হত্যা কৰিছে?

                        ৰহস্য ২/Riddle 2

সন্দেহজনক ঘৰত বুঢ়া এজনৰ হত্যা -

এজন বুঢ়া এটা ঘৰত অকলে থাকে । তেওঁ অত্যধিক বয়স হোৱা বাবে বেছি দূৰ খোজ কাঢ়িব নোৱাৰিছিল । দৈনন্দিন লাগতিয়াল সকলো সামগ্ৰীয়েই তেওঁ ঘৰতে delivery লোৱাৰ ব্যৱস্হা কৰিছিল ।

এদিন এজন courier boy বুঢ়াজনৰ ঘৰলৈ কিবা সামগ্ৰী delivery দিবলৈ আহিছিল । সেইদিনা আছিল শুক্ৰবাৰ ।

courier boy জনে বহু সময় ঘৰটোত বুঢ়াজনক সম্বোধন কৰিও একো উত্তৰ নোপোৱাত তেওঁৰ কিবা এটা সন্দেহ ওপজিল । আৰু ঘৰটোৰ খিৰিকীৰ ফাকেৰে ভিতৰলৈ জুমি চোৱাত দেখিলে, বুঢ়াজন বিচনাখনত তেজেৰে লুটুৰি-পুটুৰি হৈ মৃত অৱস্হাত পৰি আছিল । এই ঘটনা প্ৰত্যক্ষ কৰি courier boy জনে লগে লগে পুলিছক ফোন কৰি মাতি পঠিয়ালে।

কিছু সময় পিছত পুলিছ ঘটনাস্হললৈ আহিল আৰু কিছুমান সন্দেহজনক সামগ্ৰী পালে । সামগ্ৰী সমূহৰ ভিতৰত আছিল:

২টা গাখীৰৰ বটল, 
কিছুমান চিঠি, 
এখন মঙলবাৰৰ বাতৰি কাকত, 
কিছুমান বিজ্ঞাপনৰ কাগজ, 
এখন আলোচনী ।

পুলিছজনে কিছু সময় ভবাৰ পিছত, এইটো গম পালে যে, বুঢ়াজনৰ হত্যাকাৰী কোন?

এতিয়া প্ৰশ্নটো হল, পুলিছজনে কেনেকৈ গম পালে যে, কোনে বুঢ়াজনক  হত্যা কৰিছে?




                        ৰহস্য ৩/Riddle 3

পলু জংগলত আৱদ্ধ -

পলু এবাৰ তাৰ বন্ধু এজনৰ ঘৰলৈ গল । বন্ধুজনৰ বাপেক চহৰৰ খুব ধনবান ব্যক্তি আছিল । সিহতৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া সাধাৰণ মানুহতকৈ বেলেগ আছিল ।

পলুৰ বন্ধুজনে কলে, পলু তই আহিচ, খুব ভাল লাগিছে, তই দুদিনমান মোৰ তাতে থাক, মোৰ অকণমান কাম আছে, আহোতে পলম হব, তই আমাৰ হেলিকপ্তাৰখনেৰে আমাৰ অকণমান ফুৰি আহগৈ ।

সেইমতে পলুয়ে অলপ fresh হৈ, হেলিকপ্তাৰখন লৈ পাইলটৰ সৈতে ঠাইবোৰ চাবলৈ ওলাই গল। কিছু সময় যোৱাৰ পিছত যান্ত্ৰিক বিজুতি ঘটি হেলিকপ্তাৰখন crash হল । লগে লগে পাইলট আৰু পলু পেৰাচুট উলিয়াই বাহিৰলৈ জাপ মাৰিলে । কিছুদূৰ পেৰাচুটেৰে উৰি আহি পলু এখন হাবিত পৰিল । আৰু  তাত পলুক হাবিখনৰ বনমানুহে ঘেৰি ধৰিলে তাক সিহতৰ নেতাৰ ওচৰলৈ লৈ গল।

নেতাই কলে, আমাৰ এইখন হাবিৰ এটা বিশেষ নিয়ম আছে, আমাৰ ইয়ালৈ কোনো অইন মানুহ আহিব নোৱাৰে, কিবা কাৰণত আহিলে ওভতি যাব নোৱাৰে। ইয়াৰ পৰা ওলাই যাবলৈ এখন মাত্ৰ সৰু সাঁকো আছে । সাঁকো খন পাৰ হবলৈ ৮ মিনিট লাগে । কিন্ত্ত আমাৰ পহৰাদাৰী সকলে ৪ মিনিটৰ মুৰে মুৰে সাঁকোখনৰ ওচৰলৈ গৈ তীক্ষ্ণ দৃষ্টি দি চায়। যেতিয়াই কোনোবা হাবিখনৰ ফালে সাঁকোখনেৰে আহি থকা দেখা পায় সিহতে প্ৰথমতে তেওঁক ওভটি যাবলৈ কয় আৰু সেই কথা নুশুনিলে মুহূৰ্ততে তেওঁক মাৰি পেলায়। গতিকে ইয়াৰ পৰা পলাই যোৱা অসম্ভব ।

পলুয়ে এটা বুধি উলিয়ালে আৰু সাঁকোখনেৰে পলাই আহিবলৈ সক্ষম হল । 

এতিয়া প্ৰশ্নটো হল, পলুয়ে কেনেকৈ নিজৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ সাঁকোখনেৰে পলাই আহিবলৈ সক্ষম হল ?





উত্তৰ সমূহ ( Answers and solutions of the  3 tricky crime riddles ):-

(১) পুলিছজনে পতি'ক ফোনত ঘটনাস্হলৰ বিষয়ে অৱগত কৰা নাছিল কিন্ত্ত তথাপিও পতিজনে উক্ত ষ্ঠানত গৈ উপস্হিত হৈছিল । পতিজনে ঘটনাস্হলৰ বিষয়ে কেনেকৈ জানিলে । গতিকে পুলিছজনৰ বুজিব বাকি নাথাকিল যে তেওঁৱে হত্যাকাৰী ।

(২) পুলিছে বুঢ়াৰ কোঠালীত লাভ কৰা সামগ্ৰী সমুহৰ ভিতৰত "মঙলবাৰৰ বাতৰি কাকত" এখন আছিল । ঘটনাটো হৈছিল শুক্ৰবাৰে । মঙলবাৰ আৰু শুক্ৰবাৰ, ইয়াৰ মাজৰ কেইদিনত কোনো বাতৰি কাকত নাছিল । গতিকে বাতৰি কাকত বিলাওতাজনেই হল বুঢ়াজনৰ হত্যাকাৰী ।

(৩) ৪ মিনিটৰ মুৰে মুৰে সাঁকোখনৰ ওচৰলৈ পহৰাদাৰীসকল আহে আৰু বাকি ৪ মিনিট সিহত তাত নাথাকে ।পলুয়ে সিহত নথকা ৪ মিনিটত সাঁকোখনৰ আধা দূৰ অতিক্ৰম কৰি ঘূৰি লৈ হাবিখনৰ পিনে মুখ হৈ লয় ( যেনিবা সি হাবিখনত প্ৰৱেশবহে বিচাৰি আছে )। এনেকৈ ৪ মিনিট পিছত পহৰাদাৰীসকল আহি পায় আৰু তাক ওভতি যাবলৈ কয়, সি লগে লগে ঘূৰি লৈ সাঁকোখন পাৰ হৈ পলাই আহিল ।





( LIKE আৰু SHARE কৰিব )

অন্য শিতানবোৰ পঢ়ি চাব পাৰে :-




অইন্ মজাৰ ৰগৰবোৰ:-

চুইট্ লভ্

মজা কৌতুক

ফেচবুক ৰগৰ

নতুন বছৰৰ হাহি

মানষিৰ উত্তৰ

গণিতৰ কিটিপ্

মধুৰিআম


Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Assamese Quotes on Life - Assamese Facebook status for Life

Fun Fun - Funny Images - in Assamese

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese