Assamese Story - Assamese Moral Stories - স্বামী বিবেকানন্দ

Assamese Story - Assamese Moral Stories - স্বামী বিবেকানন্দ


story in assamese language
অসমীয়া গল্প 

স্বামী বিবেকানন্দ আধাৰিত চুটি গল্প/Swami Vivekananda Moral Story :-

স্বামী বিবেকানন্দ কিমান গুণি-জ্ঞানী আৰু বিদগ্ধ পণ্ডিত আছিল আমি সকলোৱে জানো। সেই বিষয়ে নতুনকৈ কবলগীয়া নাই।



এদিন স্বামী বিবেকানন্দই তেওঁৰ আশ্ৰমত নিজৰ পোহনীয়া কুকুৰটোক লগত লৈ এনেই ফুৰি আছিল। ঠিক সেইখিনি সময়তে এজন যুৱক তেওঁৰ আশ্ৰমলৈ আহিলে আৰু স্বামী বিবেকানন্দৰ চৰণ চুলে আৰু কবলৈ ধৰিলে, হে গুৰুদেৱ মই এই জীৱনত বহুত দুখী । মই সদায় বহু চেষ্টা কৰিও জীৱনত সফল হব পৰা নাই। ইমান পঢ়া-লিখা কৰাৰ পিছতো মই কোনো ক্ষেত্ৰতে আগুৱাই যাব পৰা নাই, সকলোতে বিফল । নাজানো ভগবানে মোৰ কপালত কি বা লিখি পঠিয়াইছে। গুৰুদেৱ, আপুনিয়েই কিবা এটা কৰক।

যুৱকজনৰ কথাখিনি ধিৰ-সুস্হিৰে শুনাৰ পিছত স্বামী বিবেকানন্দই কলে, হে যুৱক, শুনা তোমাক মই এই ক্ষেত্ৰত নিশ্চয় সহায় কৰিবলৈ যত্ন কৰিম । কিন্ত্ত তুমি প্ৰথমতে মোৰ এই কুকুৰটোক অকণমান ফুৰাই লৈ আহাচোন।

স্বামী বিবেকানন্দৰ এই কথা শুনি যুৱকজন অলপ আচৰিত হল । কিন্ত্ত সি দুনাই একো প্ৰশ্ন নকৰাটোৱেই ঠিক হব বুলি ভাবি কুকুৰটোক লৈ আগুৱাই গল।

কিছু সময় কুকুৰটোক ফুৰাই লৈ যুৱকজন আশ্রমলৈ ওভতি আহিল । স্বামী বিবেকানন্দই দেখিলে যে, যুৱকজনৰ মুখত কোনো ভাগৰৰ লেখ নাছিল আনহাতে কুকুৰটোৱে ভাগৰতে জোৰে জোৰে ফোপাব ধৰিছিল ।



তাকে দেখি স্বামী বিবেকানন্দই যুৱকজনক সুধিলে, কি হল মোৰ কুকুৰটোৰ ইমান ভাগৰ লাগিল কেনেকৈ ? তোমাৰচোন লগা নাই ।

তেতিয়া যুৱকজনে কলে, গুৰুদেৱ, মইটো আৰামত লাহে লাহে খোজ কাঢ়ি আছিলো কিন্ত্ত কুকুৰটো বৰ অশান্ত আছিল আৰু অনবৰতে ইফাল-সিফাল কৰি আছিল । বাটত লগ পোৱা অইন জীৱ-জন্ত্ত বোৰক সি খেদি ফুৰিছিল । সেয়েহে আমি দুইটাই একে দূৰত্ব অতিক্ৰম কৰাৰ পিছতো তাৰ বেছি ভাগৰ লাগিছিল।  

তেতিয়া স্বামী বিবেকানন্দই কলে, "হে যুৱক, তুমি সোধা প্ৰশ্নটোৰ উত্তৰটোও এইটোৱেই । তোমাৰ লক্ষ্য তোমাৰ ওচৰে-পাঁজৰে আছে। ই তোমাৰ পৰা বহু দূৰত নাই। কিন্ত্ত তুমি তোমাৰ লক্ষ্যৰ পিনে আগুৱাই যোৱা বাদ দি অইনৰ আগে-পিছে দৌৰি আছা। আৰু সেয়ে এনেকৈ তুমি যি পাবলৈ বিচাৰি আছা তাৰ পৰা দূৰলৈ গতি কৰি গৈ আছা"

যুৱকজনে কলে, গুৰুদেৱ, ধন্যবাদ, মই মোৰ প্ৰশ্নৰ উত্তৰ পালোঁ । আপুনি কোৱা কথাষাৰ মোৰ বোধগম্য হল।



নীতিশিক্ষা ( Moral ):
আমি বহুতেই এই ভুল কৰো সেই কুকুৰটোৰ নিচিনাকৈ আমি অইনক অনুকৰণ কৰিব যাওঁ। বহুক্ষেত্ৰত আমি অইনক দেখি-শুনি হুবহু তেনে ধৰণৰ কাম কৰিবলৈ আগ্ৰহী হওঁ। এনে কাৰ্য্যৰ ফলত কেতিয়াবা কৰবাত নিজৰে ক্ষতি কৰি পেলাওঁ । আৰু সেই ধৰণে হোৱা ক্ষতিৰ বাবে আমাৰ বহুখিনি মূল্যবান সময় অথলে যায়। আমি আমাৰ যোগ্যতা অনুসৰি নিজৰ লক্ষ্য নিজে বনাই লৈ সেইফালে অগ্ৰসৰ হবলৈ যত্ন কৰিব লাগে।



(অনুগ্ৰহ কৰি LIKE আৰু SHARE কৰিব)

অন্য শিতানবোৰ পঢ়ি চাব পাৰে :-




Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese