Funny Jokes For Students - ৭ টা শিক্ষক-ছাত্ৰৰ অসমীয়া ৰগৰ

৭ টা শিক্ষক-ছাত্ৰৰ অসমীয়া ৰগৰ 
পঢ়ি পঢ়ি পাগল হৈ যাব - Assamese Funny Jokes For Students



jokes for kids


স্কুল এখনৰ সমিতিৰ পৰা ৪ জন সপ্তম শ্ৰেণীৰ ছাত্ৰক "বুদ্ধি পৰীক্ষা"ৰ বাবে বাচনি কৰা হল।

সেইমতে পৰীক্ষা আয়োজন কৰি সমিতিয়ে গোটেইকেইজনৰ পৰীক্ষা পাতিলে।






পৰীক্ষা শেষ হোৱাৰ পিছত সমিতি খনে দেখিলে গোটেইকেইজন ছাত্ৰই একে নম্বৰ পাইছে।

সমিতিখন বিমোৰত পৰিল যে, এতিয়া পুৰষ্কাৰটো কাক দিব।

পিছত তেওঁলোকে সিদ্ধান্ত ললে, সকলোকে এটা উমৈহতীয়া প্ৰশ্ন সোধা হব , যিজনে শুদ্ধ উত্তৰ দিব পুৰষ্কাৰটো তেওঁকে দিয়া হব।

সেইমতে এটা প্ৰশ্ন সোধা হল, প্ৰশ্নটো আছিল , 
পৃথিবীৰ ভিতৰত কিহৰ গতি আটাইতকৈ বেছি?

প্ৰথম ছাত্ৰ - চাৰ্, "বিচাৰ" , আমাৰ মনত যিকোনো বিচাৰ ফটকৈ আহি যায়, ইয়াতকৈ কোনো বস্ত্তৰ গতি বেছি হব নোৱাৰে।

দ্বিতীয় ছাত্ৰ - চাৰ্, "চকুৰ পলক"। চাৰ্, ই এটা এনেকুৱা বস্ত্ত গমেই পোৱা নাযায় কেনেকৈ কাৰ্য্য কৰি থাকে, ইমান তাৎক্ষণিক। গতিকে ইয়াতকৈ কোনো বস্ত্তৰ গতি বেছি হব নোৱাৰে।

তৃতীয় ছাত্ৰ - "বিজুলী" , চাৰ্ আমি যিকোনো বিজুলী বটন্ অ'ন কৰাৰ লগে লগে bulb এটা জ্বলি ঠাই এটুকুৰা পোহৰাই পেলায়। মোৰ হিচাপত ইয়াতকৈ কোনো বস্ত্তৰ গতি বেছি হব নোৱাৰে।

সমিতি - গোটেইকেইজনে ভিল উত্তৰ দিচা, মগজ লগাইছা , আমি ভাল পাইচো। 
এতিয়া শেষত তোমাৰ উত্তৰটোহে বাকি আছে , কোৱা, তাৰ পিছত আমি সিদ্ধান্ত লম।

চতুৰ্থ ছাত্ৰ - চাৰ্, ইয়াৰ উত্তৰটো হব, "পাতল পায়খানা"

সমিতি - কেনেকৈ ?

চতুৰ্থ ছাত্ৰ - চাৰ্, কালি ৰাতি, মোৰ মনত  "বিচাৰ" আহিব নৌপাওতেই , মই "চকুৰ পলক" মাৰিব নৌপাওতেই , "বিজুলী"ৰ বটনটো অ'ন কৰিম আৰু ইতিমধ্যে ইয়াৰ কাৰ্য্যটো সম্পূৰ্ণকৈ সমাপ্তয়ে হৈ গৈছিল, ইমান ‍fast আৰু quick চাৰ্ । ইয়াৰ গতিৰ লগত পৃথিবীৰ কোনো বস্ত্তয়ে পাত্তা নাপায়, চাৰ্ । আপোনালোকেই ভাবি চাওক এতিয়া চাৰ্।

******


সৰু লৰা - চাৰ্, আজি মই আপোনাক  প্ৰশ্ন সুধিম , আপুনি উত্তৰ দিব
মাষ্টৰ - দে সোধ

সৰু লৰা - হাতী এটাক ফ্ৰিজত কেনেকৈ থব?
মাষ্টৰ - ইমান ডাঙৰ হাতী এটাক ফ্ৰিজত সুমুৱাবি কেনেকৈ , নোৱাৰিবি
সৰু লৰা - চাৰ্, ফ্ৰিজটো ডাঙৰ আছিল । প্ৰথমতে ফ্ৰিজৰ ঢাকনিখন খুলিম আৰু হাতীটোক সুমুৱাই দিম।

সৰু লৰা - এইবাৰ কওক গাধ এটাক ফ্ৰিজত কেনেকৈ থব?
মাষ্টৰ -প্ৰথমতে ফ্ৰিজৰ ঢাকনিখন খুলিম আৰু গাধটোক সুমুৱাই দিম।
সৰু লৰা -ভূল উত্তৰ চাৰ্, প্ৰথমতে ফ্ৰিজৰ ঢাকনিখন খুলিম ,হাতীটোক বাহিৰলৈ উলিয়াই লম আৰু গাধটোক সুমুৱাই দিম।

সৰু লৰা - এইবাৰ কওক, শিয়াল এটাৰ birthday party ত সকলো জীৱ-জন্ত্ত আহিল , কিন্ত্ত এটা জীৱ নাহিল , কোন ?
মাষ্টৰ - এইটো বাঘেই হব, সি আহিলেতো সকলোকে খাই পেলালে হয়।
সৰু লৰা - আকৌ ভূল উত্তৰ চাৰ্, সেইটো হল গাধ, কাৰণ তাকতো আমি ফ্ৰিজত ভৰাই থৈচো, চাৰ্।

মাষ্টৰ -
সৰু লৰা - আৰু এটা সোধোনে চাৰ্?
মাষ্টৰ - সোধ, হাৰামি
সৰু লৰা - এখন নদীত বহু হিংস্ৰ ঘৰিয়াল থাকে আৰু নদীখনৰ ওপৰত পাৰ হবলৈ এখন দলঙো নাই । আপুনি নদীটো কেনেকৈ পাৰ হব?
মাষ্টৰ - এখন নাও লম, আৰু নদীটো পাৰ হম।
সৰু লৰা -আকৌ ভূল উত্তৰ
মাষ্টৰ - ক' তেন্তে কেনেকে?
সৰু লৰা - ইমান সোনকালে আপুনি নাও কত পাব। নাওখন আহি পাওতে পাওতে আপুনি দেখোন নদীটো সাতুৰি পাৰ হব পাৰিব।
মাষ্টৰ - ঘৰিয়ালবোৰৰ পৰা মোক কি তোৰ বাপেৰ বচাব!

সৰু লৰা - চাৰ্, আপুনি ইমান খং খাইছে কিয়? আমিতো আগতেই গম পাইচিলো যে, গোটেইবোৰ জীৱ-জন্ত্তয়েতো শিয়ালৰ birthday party খাবলৈ গৈছে, তেন্তে ঘৰিয়াল এতিয়াই নদীখনলৈ কেনেকৈ  আহি পাব !

*****

jokes for kids



গণিত বিষয়ৰ এটি প্ৰশ্নৰ উত্তৰ বিচাৰি এক বিদ্যাৰ্থী চিন্তিত হৈ আচাৰ্য্যৰ ওচৰ পালেগৈ ।

আচাৰ্য্য, গণিতত "০" ৰ আবিষ্কাৰ আৰ্যভট্ট কৰিছিল হেনো। তেতিয়া হলে তেওঁৰ জন্ম হোৱাৰ আগতে ১০০ কৌৰৱ আৰু ৰাবণৰ ১০ টা মূৰৰ হিচাপ কোনে কৰিছিল আৰু কেনেকৈ ?

আচাৰ্য্য জনে তাৰ উত্তৰ বিচাৰি বিচাৰি হাবাথুৰি খাই আছে

*******


Boilogy শিক্ষকৰ মতে , চেল মানে শৰীৰৰ কোষ

Physics ৰ শিক্ষকৰ মতে , চেল মানে বেটাৰি

Economics ৰ শিক্ষকৰ মতে , চেল মানে বিক্ৰী 

History ৰ শিক্ষকৰ মতে , চেল মানে জেল

Hindi ৰ শিক্ষকৰ মতে , চেল মানে মোবাইল

এখন স্কুলতে ৫ জন শিক্ষকৰ এটা বস্ত্তৰ ওপৰত মত বেলেগ বেলেগ । 
চাল্লা, মইতো খঙতে পঢ়াই বাদ দি দিলো।

******


এজন ছাত্ৰ মৌখিক পৰীক্ষাত সকলো প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়াৰ পিছতো ফেল কৰিলে, কিন্ত্ত কিয়? চাওঁক :-

শিক্ষক - টিপু চুলতানৰ মৃত্যু কেতিয়া হৈছিল ?
ছাত্ৰ - তেওঁৰ শেষৰখন যুদ্ধত।

শিক্ষক - মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল ?
ছাত্ৰ - চাৰ্ , তেওঁৰ জন্মদিনৰ দিনা।

শিক্ষক - বিবাহ বিচ্ছেদৰ প্ৰমুখ কাৰণ কি?
ছাত্ৰ - বিয়া চাৰ্।

শিক্ষক - ১০ জন মানুহৰ মাজত ৭ টা আপেল কেনেকৈ ভগাবা?
ছাত্ৰ - চাৰ্, juice বনাই ।

শিক্ষক - ভাৰতত সকলোতকৈ ক'ত বেছিকৈ বৰফ পৰে?
ছাত্ৰ - মদৰ গ্লাছত চাৰ্ ।

শিক্ষক - ভোগালী বিহু কেতিয়া পতা হয়?
ছাত্ৰ - ঠান্ডাৰ দিনত চাৰ্।

শিক্ষক - অসম কিহৰ বাবে বিখ্যাত ?
ছাত্ৰ - বাংলাদেশীৰ বাবে, চাৰ্।



*****




শিক্ষক - স্কুলত কিয় কাৰো লগত কাজিয়া কৰিবা নালাগে?

ছাত্ৰ (সুপন্দি) - কাৰণ, পৰীক্ষাত কোনে কাৰ লগত , কাৰ পিছত বহিব লগা হয় ঠিক নাই !

******


শিক্ষক - "নৰেনে এতিয়া ‍আৰু মদ নাখায়" এই বাক্যটোত "নৰেন" কি?

ছাত্ৰ - চাৰ, নৰেনে এতিয়া গুৰুৰ শৰণ লৈছে, তাৰ ব্ৰত চলি আছে!

*******

( অনুগ্ৰহ কৰি LIKE আৰু SHARE কৰিব )

চাওঁক 👉👉👉

jio data plans


7463 X 9999 মাত্ৰ ৩ ছেকেণ্ডত পূৰণ




nrc legacy data search


fun fun


পঢ়ি ভাল পাব :-


assamese jokes


assamese jokes


assamese jokes

Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese