Assamese Jokes For Facebook - Assamese Jokes Funny

অসমীয়া হাঁহিৰ ৰগৰ : Assamese Jokes For Facebook : Assamese Jokes Funny


assamese jokes funny
অসমীয়া ৰগৰ

Love By Chance : Love Jokes





এবাৰ এজন লৰাই 👮তাৰ প্ৰেমিকাক👧 ফোন কৰিলে আৰু সুধিলে:

তুমি আমাৰ প্ৰেমৰ❤ বাবে কি কি কৰিব পাৰা?

প্ৰেমিকা👧 - মই তোমাৰ বাবে জুইৰ ওপৰত খোজ কাঢ়িব পাৰিম আৰু জুইৰ আঙঠাৰে গা পৰ্যন্ত ধুই দিব পাৰিম

লৰা 👮- আহ্, কি ক'লাহে , এইবোৰ শুনি মোৰ হিয়াখন💓 সাত পৰি গল, আচ্ছা তুমি মোক এতিয়াই লগ কৰিবলৈ আহিব পাৰিবা নেকি?

প্ৰেমিকা👧 - ধুৰ্, পাগল নেকি ? দেখা নাই কি টিকাফটা ৰদ🌞 দি আছে!


Yes, I Love U : Boy & Girl


লৰাই যদি কোনোবা ছোৱালীক propose কৰে তেতিয়া ছোৱালীৰ ৫ টা উত্তৰ হব পাৰে :


  • YES
  • NO
  • I M ENGAGED
  • মই তোমাক As A Friend হে ভাল পাও
  • Sorry মই আন কাৰোবাক ভাল পাও

আৰু ছোৱালীয়ে যদি কোনোবা লৰাক propose কৰে তেতিয়া লৰাৰ ফালৰ পৰা ৫ টা উত্তৰ হব পাৰে :

  • YES
  • YES
  • YES
  • YES
  • YES.

নীতিশিক্ষা: হৃদয়খন এখন বহল নদী, অ' sorry হৃদয়খন এখন সাগৰ


Village Development Opinion By Supondi : Minister Jokes


সুপন্দিহতৰ গাঁওলৈ মন্ত্রী আহিল:

গাঁওৰ সকলো মানুহে মন্ত্রীৰ লগত আলোচনা কৰি আছে গাঁওত কি কি বস্ত্তৰ অভাৱ, কি এনে কৰিলে গাঁওখনৰ উন্নতি হব সেইবোৰ বিষয় লৈ

মন্ত্রী - শ্ৰদ্ধেয় ৰাইজ, আপোনালোকৰ কাৰোবাৰ আৰু কিবা অভিযোগ থাকিলে কব পাৰে

এনেতে সুপন্দিয়ে ভাবিলে সকলোৱে কিবা নহয় কিবা বস্ত্তৰ বিষয়ে কৈ আছে, মইও কিবা এটা কব লাগে -
শেষত সি একো ভাবি নাপাই:

সুপন্দি - চাৰ্, আমাৰ গাঁওত এখন দলঙৰ  খুব প্ৰয়োজন

মন্ত্রী - কিন্ত্ত, এইখন গাঁওতটো কোনো নদী নাই

সুপন্দি - চাৰ্, তেন্তে আমাৰ গাঁওত এখন নদীৰো খুব প্ৰয়োজন!




Don't Think That : Girl Jokes


কোনে জানা কোৱাচোন:
"এনেকুৱা কি বস্ত্ত ছোৱালীয়ে প্ৰথম প্ৰথম  কৰালে বিৰাট বিষায়"

সুপন্দি - কাণ ফুটা কৰাওতে আকৌ!

( বেয়া নজৰেৰে পঢ়িব নাপায় আকৌ দেই)


Teacher in Time Pass Mode : Teacher Students Jokes


অতিৰিক্ত গৰমৰ বাবে অতিষ্ঠ হৈ সেইদিনাখন ক্লাছত মাষ্টৰ জনৰ পঢ়াব মন নোযোৱা কাৰণে ছাত্ৰ সকলক আল্টু-ফাল্টু প্ৰশ্ন সুধিব ধৰিলে:

এইবাৰ সুপন্দিৰ পাল

মাষ্টৰ - ক'চোন সুপন্দি, তই জংগল এখনত অকলে অকলে গৈ আছ, সন্মুখত যদি এটা বাঘ ওলাই আহে তই কি কৰিবি?

সুপন্দি - মই গছত উঠি যাম

মাষ্টৰ - আৰু যদি বাঘটোয়েও গছডালত উঠে

সুপন্দি - চাৰ্ তেতিয়া মই পানীত জাঁপ মাৰি দিম

মাষ্টৰ - আৰু যদি বাঘটোয়েও পানীত জাঁপ মাৰে

সুপন্দি - তেতিয়া মই পানীৰ পৰা উঠি দৌৰি গৈ শিলৰ পিছফালে লুকাই থাকিম

মাষ্টৰ - আৰু যদি বাঘটোয়েও তোৰ পিছে পিছে খেদি গৈ তোক বিচাৰি উলিয়ায়

সুপন্দি - চাৰ্, বাঘটো আপোনাৰ নিজৰ খুৰাৰ লৰা লাগে নেকি বাৰে বাৰে যে তাৰ ফাল লৈ আছে!


Marriage Anniversary Thought : Husband Wife Jokes


বিয়াৰ 12th anniversary ত পতিয়ে বিচনাত শুই শুই কিবা ভাবি আছিল:

পত্নী - কিনো ইমানকৈ ভাবি আছা অ',উঠা আজি অামাৰ বিয়াৰ ১২ বছৰ হল নহয়

পতি - নহয় হে ভাবি আছো, সেই যে আজিৰ পৰা ১২ বছৰ আগত তুমি আৰু মই dating মাৰি থাকোতে তোমাৰ দেউতাই যে আমাক ধৰা পেলাইছিল, আৰু মোক কৈছিল, "মোৰ ছোৱালীৰ লগত ঠগবাজী নকৰিবা কিন্ত্ত, মোৰ ছোৱালীক ভাল পাইছা যদি  তুমি তাইকেই বিয়া কৰাব লাগিব নহলে তুমি  ১২ বছৰ জেল খাব লাগিব"

পত্নী - অ' ঠিকে কৈছিলটো মোৰ দেউতাই

পতি - অ' হে, সঁচাই তেওঁ ঠিকেই কৈছিল তেতিয়াই যদি মই সঠিক সিদ্ধান্ত ললোহেঁতেন আজি মই স্বাধীন হৈ গলোহেঁতেন!



Crazy Boy : Boy and Girl Jokes


এজনী ছোৱালী বাছষ্টেণ্ডত অকলে অকলে ৰখি আছিল : তাকে দেখি এজন ফটুৱা টাইপ লৰাই তাইৰ ওচৰলৈ আহি সুধিলে:

লৰা - কি মেদাম, অকলে অকলে কাৰ বাবে অপেক্ষা কৰি আছা? 

ছোৱালী - তোৰ ককায়েৰৰ বাবে 

লৰা - অ' মোৰ দাদায়টো বিয়া পাতিছে, কথাটো নুবুজিলো হে?
.
.

আচ্ছা বাদ দিয়া, 
আৰু মেদাম, খবৰ-চবৰ কেনে? 

ছোৱালী - তোৰ ভনীয়েৰৰ দৰে

লৰা - অ' তাইৰটো এতিয়া "pregnant"


Teacher Confused : Students Jokes


শিক্ষয়েত্রী - এই বাক্যশাৰী অসমীয়াত অনুবাদ কৰাচোন কোনে পাৰা- "She Is Kidding"

গোটেই ক্লাছটোত কোনেও কব পৰা অৱস্হাত নাছিল

শেষত সুপন্দি ঠিয় হল

শিক্ষয়েত্রী - সুপন্দি গুড্, দে ক'চোন তইয়ে পাৰিবি মোৰ বিশ্বাস

সুপন্দি - মেম্, এইটো একেবাৰে সহজ, 
"She Is Kidding" ৰ অৰ্থ হল, "তাই কেচুৱা দি আছে"!


Developed India : Friends Jokes


পোনা আৰু সুপন্দি ৰাস্তাত দুয়োজনে ফুৰি আছিল:

হঠাৎ ৰাস্তাৰ কাষত এডাল মোবাইলৰ টাৱাৰত blinking হৈ থকা ৰঙা লাইটটো দেখা পায় পোনাই সুপন্দিক সুধিলে, 

সৈইডাল কি বস্ত্ত, আৰু তাৰ ওপৰত এটা ৰঙা লাইটো blinking আছে

সুপন্দি - আৰে, পোনা, ভাৰত এতিয়া আগৰ নিচিনা হৈ থকা নাই , India বহুত advance হল, India ত এতিয়া পুৰা development ৰ কাম হৈ আছে, বুজিছা। 

 সেইডাল হল aeroplane ৰ signal, মানে aeroplane ৰ traffic point.




LED TV Buy : Shopkeeper Jokes


সুপন্দিৰ বন্ধু পোনাই যিদিনাখন এটা নতুন LED TV কিনিলে সেইদিন ধৰি 
সুপন্দিয়েও এটা stylish brand new LED TV কিনিবলৈ মনতে বৰ ইচ্ছা কৰিব ধৰিলে

তাৰ পিছত এদিন সুপন্দিয়ে পইচা যোগাৰ কৰি TV দোকানলৈ গল

সুপন্দি - এইটো TV ৰ দাম কিমান?

দোকানী - আমি বুৰ্বুকক TV বিক্ৰী নকৰো

সুপন্দি একো টত্ ধৰিব নোৱাৰি সেইসিনাখন দোকানখনৰ পৰা গুছি আহিল

পিছদিনাখন সুপন্দিয়ে দাৰি-চাৰি খুৰাই সেই দোকানখনলৈ আকৌ গল

সুপন্দি - দাদা, এইটো TV ৰ দাম কিমান?

দোকানী - আমি বুৰ্বুকক TV বিক্ৰী নকৰো

সেইদিনাখনো সুপন্দিয়ে একো বুজিব নোৱাৰি দোকানখনৰ পৰা গুছি আহিল

তাৰ পিছদিনা সুপন্দিয়ে কথাটোনো কি হৈ আছে একো ভাবি নাপায় এইবাৰ
 চুলিকে খুৰাই ললে । জানোচা এনে কৰিলে দোকানীজনে তাক বুৰ্বক বুলি নকয়েই । এনেকৈ সি এইবাৰ পুৰা ষ্টাইলত
 টিপটপ্ কাপোৰ পিন্ধি 
আকৌ সেই দোকানখনলৈ গল

সুপন্দি - দাদা, এইটো TV ৰ দাম কিমান পৰিব?

দোকানী - আমি বুৰ্বুকক TV বিক্ৰী নকৰো

সুপন্দি - কি হে , মই সদায় আপোনালোকৰ দোকানলৈ TV কিনাৰ বাবে আহি আছো আৰু আপোনালোকে মোক কিবা-কিবিহে কৈ বুৰ্বুক বুলিহে কৈ
পঠিয়ায় দেখোন 

দোকানী - অ' , আপুনি যোনটো TV ৰ দাম ইমানদিনে সুধি আছে সেইটো আচলতে microwave oven হে !


Very Hard Situation In Life : Friends Jokes


পোনা - জীৱনৰ আটাইতকৈ কঠিন মুহূৰ্ত কোনটো, তই ক'চোন জান যদি সুপন্দি?

সুপন্দি - জীৱনৰ আটাইতকৈ কঠিন মুহূৰ্ত হল, সেইটো যেতিয়া পাতল পায়খানা হয় আৰু কামটো অহাৰ আগমুহূৰ্তত পেণ্টৰ গাঠি খোল নাখায়!


Exam Preparation : Silly Students Jokes


বিভিন্ন শ্রেণী অনুযায়ী পৰীক্ষাৰ বাবে সাজু হোৱাৰ ধৰণ কেইটামান আগবঢ়াইচো, চাব দেই:

১মৰ পৰা ৩য় শ্রেণী - মইতো পুৰা ৰেদি সকলো পঢ়ি শেষ

চতুৰ্থৰ পৰা ষষ্ঠ শ্রেণী - আৰে, সেই প্ৰশ্নকেইটা বিৰাট কঠিন আছিল সেয়ে পঢ়া নহল

সপ্তমৰ পৰা দশম শ্রেণী - মোৰ আচলতে important প্ৰশ্নকেইটাহে পঢ়া হল

একাদশ শ্রেণী - মোৰ হিচাপত এই পঞ্চম chapter টোৱে পাছ কৰাৰ বাবে যঠেষ্ট

দ্বাদশ শ্রেণী - ঐ, কাইলৈ কি পৰীক্ষা আছে বে

ইফালে কলেজত:

কি আজি Economics ৰ পৰীক্ষা আছে, আগতে কব নোৱাৰ', চি: কি হবৰে, কলমটোও নানিলো !




NEW Generation Style : Funny Jokes


বাপেকৰ পাৰ্চেল লৈ courier boy জনে ঘৰৰ calling bell টো ঠিকচে বজাই আছে

এনেতে লৰা এজনে মুখত চিগাৰেট আৰু হাতত বিয়েৰৰ গ্লাছ লৈ দৰ্জা খুলিলে

courier boy - তোমাৰ পাপা ঘৰত আছেনে?

লৰা - কে* , মোক দেখি গম পোৱা নাই নেকি, ঘৰত মোৰ পাপা আছে নে নাই!


(অনুগ্ৰহ কৰি LIKE আৰু SHARE কৰিব)

অন্য শিতানবোৰ পঢ়ি চাব পাৰে :-






অইন্ মজাৰ ৰগৰবোৰ:-

চুইট্ লভ্

মজা কৌতুক

ফেচবুক ৰগৰ

নতুন বছৰৰ হাহি

মানষিৰ উত্তৰ

গণিতৰ কিটিপ্

মধুৰিআম

Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese