6 Animal Jokes in Assamese - Animal Jokes - কৌতুক

Animal Jokes -অসমীয়া কৌতুক - 6 Animal Jokes in Assamese

হাতী আৰু পৰুৱা


animal jokes

হাতী এজনী ৰাস্তাৰে গৈ আছিল

পৰুৱা এট‍াই দেখা পায় সুধিলে,

বাইদেউ কলৈ গৈ আছা?





হাতী - মই অকণমান মোৰ বাবে এই ফ্ৰক এটা চিলাব যাওঁ ৰবা

পৰুৱা - বাইদেউ এটা কাম কৰিবা, কাপোৰ অকণমান বাচিলে মোৰ কাৰণে এটা লংপেন্ট চিলাবলৈ দিবা!


নিগনীৰ গেং


animal jokes


নিগনীৰ leader য়ে তৰোৱাল লৈ দৌৰি আছিল। আৰু পিছে পিছে তাৰ বাহিনী ।

বাঘৰ অলপ দূৰৰ পৰা দেখি মনে মনে খুব হাহি উঠিল আৰু সি সুধিলে- 

কি হল অ' নিগনীহত ইমানজাক পালটো হৈ কলৈ দৌৰি গৈ আছা?

নিগনীৰ leader য়ে শুনা পায় কলে, হেৰি হে, হাতীৰ জীয়েকক কোনোবাই বোলে propose কৰিলে - ফালি পেলাম বাপ্পেকে  চিনি পোৱা নাই!

ভেকুলীৰ ভাগ্য


animal jokes


ভেকুলী - বিয়া পাতিবলৈ বহুদিনৰ পৰা ছোৱালী বিচাৰি হাবাথুৰি খাই আছো । মহাশয় , আপুনি মোৰ কুন্ডলিখন চাওঁকচোন মোৰ কপালত ছোৱালী আছেই নে নাই বা

জ্যোতিষী - অ' তোমাৰ কপালত ধুনীয়া ছোৱালী এজনী আছে । তোমাৰ বাবেই ৰৈ আছে।

ভেকুলী - কত পাম, কত পাম, কওকচোন কওক।

জ্যোতিষী -  বায়'লজীৰ লেবেৰটৰিত !


মহৰ overtime


animal jokes


মহৰ কামোৰত বিমোৰত পৰি মানুহ এজনে মহক সুধিলে,

কি হল এই দিন দুপৰতে কামুৰি আছা যে

মহ - চাহাব, অভাৰটাইম কৰি আছো, ঘৰত মা-দেউতাৰ অসুখ, তাতে আকৌ ভন্টিৰ বিয়া । ইফালে আকৌ লৰাঘৰে ১ লিটাৰ মানুহৰ তেজ যৌতুক হিচাপে বিচাৰিচে!


ভেকুলীৰ প্ৰেমিকাৰ ক্ষতি

animal jokes


সি প্ৰেমত প্ৰতাৰনা পায় নদী এখনৰ পাৰত আমন-জিমনকৈ বহি উদাস হৈ পানীত শিল মাৰি আছিল

তেতিয়াই ভেকুলী এটা পানীৰ পৰা উঠি আহি কবলৈ ধৰিলে 

" আহ, চাল্লা তোৰ উদাসৰ ভুত উলিয়াই দিও", 

নিজৰ প্ৰেমিকাজনীৰ চক্কৰত মোৰ জনীৰে মূৰ ফটাই দিলে বে !

  বুঢ়া ঘোৰাৰ দুৰ্দশা 


animal jokes in assamese


ঘোৰা এটা বুঢ়া হোৱাৰ পিছত কোনো কামত নহাত মালিকে চিন্তাত পৰিল, কিয়নো তাৰ খোৱাৰ নামত বহু পইচা যায় কিন্ত্ত সেইমতে তাক কামত লগাব নোৱাৰি।

মালিকে সিদ্ধান্ত ললে যে, তাক গাত এটাত পুতি মাৰিব     ( কি যে নিৰ্দয়তা )





সেইমতে মালিকে ঘোৰাটোক এটা গাতত পেলাই দি তাৰ ওপৰত মাটি পেলাবলৈ ধৰিলে ।

কিন্ত্ত মালিকে অলপ মাটি পেলোৱাৰ পিছতে ঘোৰাটোৱে কিবা এটা শংকা অনুভৱ কৰি মনে প্ৰাণে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰিব ধৰিলে।

মালিকে মাটি পেলোৱাৰ লগে লগে সি ভৰি কেইটাৰে একপ্ৰকাৰ কায়দা কৰি মাটিখিনি তলত পেলায় সি ওপৰলৈ উঠি আহে । আৰু মালিকে অলপ মাটি পেলোৱাৰ লগে লগে সি ওপৰলৈ উঠি আহে । বাৰে বাৰে এই ধৰণে অশেষ চেষ্টা কৰি সি অৱশেষত সম্পূৰ্ণ ওপৰলৈ উঠি আহিল । 

( কথাখিনিৰ পৰা আমি এটা শিক্ষা পালো যে, আমাৰ জীৱনতো এনে ধৰণে বহু সমস্যা আহে, আৰু আমি কি কৰিম ভাবি ভাবি উপায় নোপোৱা অৱস্হা হয়, তেনে ক্ষেত্ৰত আমি সাহস, ধৈৰ্য্য আৰু বুধিৰে অতি সহজেই সমস্যাবোৰৰ পৰা সকাহ পাব পাৰো)



( অনুগ্ৰহ কৰি LIKE আৰু SHARE কৰিব )


theft alarm


আৰু চাওঁক 👉👉👉

jio data plans

nrc legacy data search

assamese comedy

assamese comedy

assamese comedy

assamese comedy


0 comments: