New year jokes 2018 - Resolution

New Year Jokes in Assamese : সুপন্দিৰ Resolution 2018


Happy new year 2018

১ জানুৱাৰীৰ পৰা কোনো নিচা নকৰোঁ । প্ৰায়ে শুনা যায় "এইকেইদিন পুৰা ডিঙিলৈকে মাৰি লওঁ, ১ তাৰিখৰ পৰা বাদ দিম যে"।

১ তাৰিখে কিন্তু মনলৈ আহি থাকিব , ৩১ ডিচেম্বৰত বিভিন্ন ব্ৰেণ্ডৰ সংমিশ্ৰণ ঘটি পেটলৈ যোৱাৰ পিছত আঠু কাঢ়ি ঘৰলৈ অাহিব লগা হোৱা অৱস্থাটোৰ কথা ।
১ তাৰিখে অকণমান মনটোক বুজনি দি ৰাখিব পৰা যাব কোনোমতে । কিন্তু তাতে এটা বৈদ্দ Risk Factor আছে । মানে ১ জানুৱাৰীত যদি কাৰোবাৰ Birthday পৰিছে , তেন্তে 99% Resolution Break হোৱাৰ সম্ভাৱনা আছে ।




প্ৰেমৰ ক্ষেত্রত ৩ জনীৰ ভিতৰত লটাৰী কৰি এজনীক বাচনি কৰি লব লাগিব ১ তাৰিখৰ পৰা । বাকি দুজনী Cancel ।কাৰণ বয়স বাঢ়ি গৈ আছে । ভৱিষ্যতৰ কথা আছেটো। কিন্তু ৩১ ডিচেম্বৰৰ কথা অনবৰতে মনলৈ আহি থাকিব । কি ব্যস্ত । এজনীৰ লগত Dating শেষ কৰি বাকি দুজনীক সময় দিব লাগিল । তিনিজনীৰ লগত অতিবাহিত কৰা সময়বোৰ । চুমা যচা মুহূৰ্তবোৰ , কিটিপ কৰি মোবাইল Silent Mode ত ৰখা মুহূৰ্তবোৰ , ৩১ তাৰিখৰ দিনলিপিৰ বাবে লগা টকা-পইচা মেনেজ কৰা , Bike খনৰ তেল , ইত্যাদি কথাবোৰে বহুদিনলৈ মনটো জোকাৰি থাকিব ।

১ জানুৱাৰীৰ পৰা পুৰণি মোবাইল নম্বৰটো বাদ দি , এখন নতুন নম্বৰৰ চিম লব লাগিব । নহলে Risky হব । মানে Girlfreind ৰ বাবে , দুজনী Cancel হব যে সেইবাবে আৰু ।

পুৰণি দুজনীৰ চকুত সহজে যাতে নপৰো , তাৰ বাবে দুটামান টুপী আৰু দুযোৰমান গগলচ্ লব লাগিব ।

২০১৬ ত কেনে আছিলোঁ , মই Single , Bindaas - দিনটো বন্ধুৰ লগত আদ্দা মাৰো সন্ধিয়া দুপেগমান বিয়েৰ মাৰি ঘৰলৈ আহিলো । লাহে লাহে কেনেকৈ যে এই পৰ্যায়লৈ আহি গলো গমকে নাপালো । তেতিয়া ইমান Tight Resolution বনাব লগা নহৈছিলেই । এইবাৰহে কি হল জানো ।

যি কি নহওক , বহুবোৰ দিশ চালি - জাৰি চাই , সুদীৰ্ঘ ৭ দিনৰ অন্তত এই Resolution খন বনাই তৈয়াৰ কৰিলোঁ । আশীৰ্বাদ কৰিব ২০১৯ লৈ ইয়াতকৈও ভয়াবহ Resolution যাতে বনাব লগা নহয় ।😋😋😋

আপোনালোকৰ মৰমৰ ,
                                                         সুপন্দি

[ PLEASE LIKE & SHARE THIS POST ]




Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese