ধলু-পলু rock's

ধলু আৰু পলু একেলগে স্কুটি এখনত এনেই ফুৰি আছিল । এখন দোকানৰ সন্মুখত স্কুটিখন ৰখাই ....

ধলু- অ'ই ব'ল , এপেকেট KP খাই লওঁ ।
পলু- ব'ল ।

ধলুয়ে KP কিনি থাকোঁতে , পলুয়ে ৩ টা চকলেট্ দোকান খনৰ পৰা মনে মনে মাৰি দিলে ।

তাৰ পিছত ধলুয়ে স্কুটিৰ চাবিটো উলিয়াই যাব খোজাত...

পলু- দেখিলি, ধলু ফকটত ৩টা চকলেট্ দোকান খনৰ পৰা মাৰি দিলোঁ ।
ধলু- ধুৰ্, ফাল্টু কথা, এনেকুৱা কৰিবলৈ তোৰ দ'মেই নাই ।
পলু- কি??, আহ মোৰ লগত ইয়াতকৈও হেভি এটা দেখাই দিওঁ ।

আকৌ দোকান খনত দুয়ো



পলু- দাদা, যাদু চাব।
দোকানী - দে দেখা, এনেও গ্ৰাহক নাই।
পলু- (চকলেটৰ বটলটো দেখুৱাই ) এই চকলেটটো ১টা খাই লব লাগিব  আগতে ।
দোকানী - বাৰু ,এই ল' ।

চকলেটটো খোৱাৰ পিছত

পলু- ওঁ, এতিয়া আৰু এটা খাই লব লাগিব ।

সেইটো চকলেট্ খোৱাৰ পিছত

পলু- বঢ়িয়া , দাদা আৰু এটা চকলেট্ খাই লব লাগিব ।
দোকানী - যাদুটো ক'ত?
পলু- এইটোৱে লাষ্ট চকলেট্।
দোকানী- ওঁ, ল' তেন্তে ।

তৃতীয় চকলেটটো খোৱাৰ পিছত

পলু- দাদা , ৩টা, চকলেট্ আপোনাৰ সন্মুখতে খাইছোঁ, (পকেটত মাৰি ৰখা চকলেট ৩টা উলিয়াই ), এয়া যাদু চাওক , সেই ৩ টা চকলেট্ ওভতাই আনিলোঁ ।

! ধলু আৰু দোকানী জনৰ চকু কপালত !☺☺☺


Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese